Breaking

চাৰি লেনযুক্ত পথ নিৰ্মাণ সংস্থাৰ হেমাহিত প্ৰাণ গ’ল কলিয়াবৰৰ এজন যুৱকৰ

0 2,238

কলিয়াবৰৰ নলতলিত শনিবাৰে নিশা সংঘটিত এটি ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা মৃগাঙ্ক বৰদলৈয়ে৷ কলিয়াবৰ তিনিআালি নিবাসী মৃগাঙ্কই নিশা ঢেকীয়াজুলিৰ পৰা বাইকৰে গৃহাভিমুখী হোৱাৰ পথত নলতলিত দলঙত খুন্দা মৰাৰ ফলতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়৷কৰ্মসূত্ৰে ঢেকীয়াজুলিৰ বন্ধন বেংকত চাকৰি কৰিছিল মৃঙ্গাঙ্কই। কৰ্মস্থলীৰ পৰা কলিয়াবৰৰ ঘৰলৈ উভতি অহাৰ পথতেই নলতলিত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আকোৱালি লয় প্ৰাক্তন আছু নেতা তথা অমায়িক যুৱক মৃঙ্গাঙ্ক বৰদলৈয়ে। মৃত্যুৰ সময়ত যুৱকজনৰ বয়স আছিল ৩৩ বছৰ। নিৰ্মিয়মান চাৰি লেনযুক্ত পথৰ নিৰ্মাণ সংস্থাৰ পথ নিৰ্দেশনাৰ গাফিলতিৰ বাবে নম্বৰ এ. এচ. ০২ এ. ডি. ২৪০৬ৰ মটৰচাইকেলখনে দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত এই প্ৰাণঘাতক দুৰ্ঘটনাটো সংঘটিত হয়। ইতিমধ‍্যে, চুলুং আৰক্ষী তহলদাৰী চকীত এক গোচৰ ৰজু কৰিছে। অমায়িক, সামাজিক দায়বদ্ধতাৰে নিজৰ পৰিচয় দাঙি ধৰা কলিয়াবৰ মহাবিদ‍্যালয়ৰ একালৰ আলোচনী সম্পাদক মৃগাঙ্কৰ অকাল বিয়োগত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, কলিয়াবৰ প্ৰেছ ক্লাৱ, অসম যুৱ পৰিষদকে ধৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Leave A Reply