Breaking

আৰক্ষীৰ নামত দালালি ইছফাকুৰ ৰহমান নামৰ এজন যুৱকৰ

0 2,081

আৰক্ষীৰ নামত দালালি কৰা ইছফাকুৰ ৰহমান নামৰ এজন যুৱকক আজি গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিছে ইছফাকুৰক। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ইছফাকুৰৰ বিৰুদ্ধে বটদ্ৰৱা থানাত দালালি কৰাৰ অভিযোগ উঠিছিল। ইয়াৰ পিছতে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই ঘটনাৰ তদন্ত কৰিবলৈ বটদ্ৰৱাত উপস্থিত হৈ ইছফাকুৰক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। নগাঁও আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ডি এচ পি দিপ্তী মালিয়ে ইছফাকুৰক আটক কৰি তেঁওৰ ঘৰত তালাচী অভিযান চলাই। আৰক্ষীয়ে ইছফাকুৰৰ জুৰীয়াৰ গৰিয়া কাৱৈমাৰীস্থিত বাসভৱনত অভিযান চলাই ১৫০খন কেছ ডায়েৰী উদ্ধাৰ কৰে। এই বিষয়ে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিব পাৰি নগাঁও আৰক্ষীৰ অতিথিশালাত এক সংবাদমেলৰ আয়োজন কৰি কয়, “ইছফাকুৰৰ লগত জড়িত নগাঁও আৰক্ষীৰ বিষয়াক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। আৰক্ষীৰ চাকৰি ধন ঘটাৰ বাবে নহয়। ধন ঘটিবলৈ মন থাকিলে ব্যৱসায় কৰক। আৰক্ষীৰ পোছাকত সমাজৰ অপৰাধীৰ তেজৰ দাগৰ বাহিৰে আন দাগে শোভা নাপায়।”উল্লেখযোগ্য যে ইছফাকুৰে নগাঁও আৰু হোজাইৰ বহু আৰক্ষী থানাত দালালি কৰাৰ অভিযোগ উঠিছিল।

Leave A Reply