Breaking

মুম্বাইৰ লোকেল ট্ৰেইনত স্কাৰ্ট পিন্ধি ৰেম্পত খোজ দিলে এজন যুৱকে, ভিডিঅ’ ভাইৰেল…

0 72

মুম্বাইৰ লোকেল ট্ৰেইনৰ এটা ভিডিঅ’ ভাইৰেল। ভিডিঅ’টোত শিৱম ভৰদ্বাজ নামৰ ২৪ বছৰীয়া এজন যুৱকে ক’লা স্কাৰ্ট পিন্ধি এটা ডবাত খোজ কাঢ়ি থকা দেখা গৈছে। তেওঁক দেখি একাংশ যাত্ৰী আচৰিত হয় আৰু কিছুমানে মন্ত্ৰমুগ্ধ হৈ পৰে। মুম্বাইৰ স্থানীয় ৰে’লত পুৰুষ যাত্ৰীৰে ভৰা এটা কম্পাৰ্টমেণ্টত ক’লা স্কাৰ্ট পিন্ধা এজন যুৱকে ৰেম্পত খোজ কাঢ়ি যোৱাৰ ভিডিঅ’ ইনষ্টাগ্ৰামত ভাইৰেল হৈছে। উক্ত ভিডিঅ’টোৱে ফটো আৰু ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম (ইনষ্টাগ্ৰাম)ত ৭৩ হাজাৰৰো অধিক ‘লাইক’ আৰু ১৮০০ৰো অধিক ‘কমেণ্ট’।

শিৱমে কয় যে, ‘যেতিয়া মই মোৰ ৰিল এডিটিং কৰি আছিলো, তেতিয়া মই স্থানীয় ট্ৰেইন এখনত মোৰ ৰেম্প ৱাকত মানুহৰ প্ৰতিক্ৰিয়া দেখি আচৰিত হৈছিলোঁ। কিছুমান মানুহে মুখ মেলি আছিল যদিও এজন ব্যক্তিয়ে মোৰ ওচৰলৈ আহি সুধিছিল যে মই শিল্পী নেকি? এইটোৱে মোক সুখী কৰি তুলিলে যে সমাজত আমাক বুজি পোৱা মানুহ আছে।উত্তৰ প্ৰদেশৰ মেৰুট জিলাৰ পৰা অহা শিৱম এলজিবিটিকিউ সম্প্ৰদায়ৰ এক অংশ। তেওঁ নিজকে মুকলিকৈ সমকামী বুলি বৰ্ণনা কৰে, যিয়ে লিংগ নিৰপেক্ষতাক সমৰ্থন কৰে। তাইৰ মতে মেকআপ আৰু স্কাৰ্টৰ দৰে সাজ-পোছাক কোনো লিংগতে সীমাবদ্ধ থাকিব নালাগে।

শিৱমে ক’লে, ‘পুৰুষেও স্কাৰ্ট পিন্ধিব পাৰে। কিন্তু, ভাৰতীয় সমাজত পুৰুষে এই কাম কৰা দেখা নাযায়, গতিকে মানুহৰ বাবে ই অতি আচৰিত আৰু তেওঁলোকে কোনো ল’ৰাক স্কাৰ্ট পিন্ধা চাব নিবিচাৰে। অৱশ্যে সময় সলনি হৈ আছে বুলি মোৰ বিশ্বাস।শিৱমে কয়, ‘যেতিয়া মহিলাসকলে পেণ্টছুট পিন্ধিব পাৰে তেতিয়া পুৰুষেও স্কাৰ্ট পিন্ধিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ পুৰুষত্বত কোনো প্ৰভাৱ নপৰে। যদি আপুনি পুৰুষ হয় তেন্তে স্কাৰ্ট পিন্ধিলেও পুৰুষ হৈ থাকিব।শিৱমে ফেশ্বনৰ জগতখনত কেৰিয়াৰ গঢ়িব বিচাৰিছিল।শিৱমে সৰুৰে পৰা ফেশ্বনৰ জগতখনত কেৰিয়াৰ গঢ়িব বিচাৰিছিল যদিও এই কথা মাক-দেউতাকৰ বাবে গ্ৰহণযোগ্য নাছিল। তেওঁলোকে তেওঁক চাৰ্টাৰ্ড একাউণ্টেণ্ট বনাব বিচাৰিছিল। ফেশ্বনৰ ওপৰত ভিত্তি কৰি ৱেব কন্টেন্ট তৈয়াৰ কৰাৰ বাবে শিৱমে ১৯ বছৰ বয়সত ঘৰ এৰি যাবলগীয়া হৈছিল।

শিৱমৰ মতে, স্কাৰ্ট পিন্ধি ৰেম্প ৱাক কৰা ভিডিঅ’টোৰ প্ৰতি ৯০ শতাংশ সঁহাৰি ইতিবাচক আছিল, যিটো তেওঁৰ বাবে যথেষ্ট আচৰিত আছিল।


Leave A Reply