Breaking

ড্ৰামচেট বজাই পৰিয়ালক ভৰন পোষণ দিয়া এগৰাকী যুৱতী

0 59

ড্ৰামচেট বজাই পৰিয়ালক ভৰন পোষণ দিয়া এগৰাকী যুৱতী ৷

ক’ৰনা মহামাৰীৰ ফলত হোৱা লকডাউনে কোঙা কৰিছে পৰিয়ালটিৰ লগতে বেণ্ডপাৰ্টিৰ সদস্যবৃন্দক ৷

কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নোলোৱাকৈ কৃষ্টিৰ পথাৰখন সাৰুৱা কৰা এগৰাকী যুৱতী গৰাকী ৷

দৰং জিলাৰ সীমান্তৰ ওদালগুৰি জিলাৰ বগৰীবাৰী গাঁৱৰ এগৰাকী সহজ সৰল যুৱতী উপমা ডেকাই কাহি, বাতি, চকী, মেজ আদিত বাদ্য বজাই আৰম্ভ কৰিছিল সংগীতৰ সাধনা ৷

উপমা ডেকাই প্ৰায় পাঁচ বছৰ ধৰি এটি বেণ্ডপাৰ্টিৰ লগত ড্ৰামচেট বজাই লাভ কৰিছে বিশেষ সমাদৰ ৷ আনহাতে স্থানীয় নামতী দলৰ সৈতেও বজায় নাগাৰা নাম ৷ দৰং ওদালগুৰি জিলাৰ একমাত্ৰ যুৱতী ড্ৰামচেট বজাই বিশেষ সমাদাৰ লাভ কৰিলেও প্ৰচাৰ বিমুখ উপমা ডেকাই লকডাউনৰ সময়ত কোনো চৰকাৰী বা বেচৰকাৰী দল সংগঠনৰ পৰা সহায় নোপোৱাত শিল্পী গৰাকী ম্ৰিয়মান হৈ পৰিছে ৷

মাহাৰা স্বানসৌৰং বেণ্ডপাৰ্টিৰ লগত উপমাই অসমৰ বিভিন্ন প্ৰান্তত ড্ৰামচেট বজাই ৰাইজৰ পৰা লাভ কৰিছে বিশেষ প্ৰশংসা আৰু আশীৰ্বাদ ৷

Leave A Reply