Breaking

টীয়কত চাকৰিৰ অনলাইন কৰিবলৈ গৈ নিৰুদ্দেশ এগৰাকী যুৱতী…

0 42

টীয়কৰ হাঁহচৰা চিৰাখুন্দা গাঁৱৰ নিবাসী ৰিপু দত্তৰ ২০ বছৰীয়া কন্যা পুৰবী দত্ত যোৱা ২ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যোৱা অক্টোবৰৰ ২ তাৰিখে টীয়ক নগৰলৈ চাকৰিৰ অনলাইন কৰিব বুলি ঘৰৰ পৰা স্কুটিৰে ওলাই আহিছিল আৰু পৰৱৰ্তী সময়ত স্কুটিখন এগৰাকী বান্ধৱীৰ হাতত ঘৰলৈ পঠিয়াই দি তেওঁৰ কিছু পলম হ’ব বুলি বান্ধৱীৰ যোগে ঘৰত অৱগত কৰিছিল। কিন্তু গধুলিলৈকে ছাত্ৰীগৰাকী ঘৰলৈ ঘূৰি নহা দেখি পৰিয়ালৰ লোক চিন্তিত হৈ বন্ধু-বান্ধৱী, আত্মীয় সকলোকে খবৰ কৰে আৰু কোনো সম্ভেদ নাপাই নিশা টীয়ক আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।অৱশ্য আজি পাঁচদিন উকলি যোৱাৰ পাছতো ছাত্ৰীগৰাকীৰ কোনো সম্ভেদ নাপাই এতিয়া পৰিয়ালটো আৰু চিন্তিত হৈ পৰিছে।

কান্দোনত ভাগি পৰিছে পিতৃ ৰিপু দত্ত। সেয়ে কোনো সদাশয় ব্যক্তিয়ে যুৱতীগৰাকীৰ কিবা সম্ভেদ পালে ততাতৈয়াকৈ টীয়ক আৰক্ষী অথবা 8822338242 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃয়ে।

Leave A Reply