Breaking

নিশা ধুবুৰীৰ কলেজ নগৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট,ব্ৰাউন চুগাৰ আৰু নগদ ধন সহ এজন যুৱক গ্ৰেপ্তাৰ

0 2,065

 ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ হাফিজুৰ ৰহমানৰ গাড়ী চালক জুলফিকাৰ আলম মণ্ডল ওৰফে জুল নামৰ যুৱক জনে চিকিৎসকৰ গাড়ী চলোৱাৰ সমান্তৰাল কৈ কৰি গৈছিল ড্ৰাগছৰ বেহা। তেনেই এক গোপন খবৰৰ ভিত্তিত ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলায় ধুবুৰীৰ ঝগৰাৰ পাৰ দ্বিতীয় খণ্ড গাঁওত। অভিযানত জুলফিকাৰ আলম ওৰফে জুলৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, নগদ ধন আৰু ব্ৰাউন চুগাৰ জব্দ কৰাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুলফিকাৰক। লগতে তেওঁৰ স্কুটি এখনো জব্দ কৰে আৰক্ষীয়ে। সম্প্ৰতি জুলফিকাৰৰ সৈতে জড়িত থকাৰ তথ্য উদ্ঘাটনৰ বাবে জেৰা চলাইছে ধুবুৰী আৰক্ষীয়ে।

Leave A Reply