Breaking

ওৰাঙৰ বগৰীবাৰী গাওঁত আকৃতি ফাউণ্ডেচনৰ উদ্যোগত : ঋতুস্ৰাৱ আৰু ক’ভিড সজাগতা সভা

0 2,098

 ওদালগুৰি জিলাৰ অন্তৰ্গত  ওৰাঙৰ গৰুবান্ধা ৰাজহ গাওঁৰ বগৰীবাৰী প্ৰাথমিক বিদ্যালয়ত   ১১  জুলাই তাৰিখৰ দিনা আকৃতি ফাউণ্ডেচন নামৰ  এন জিও টোৰ উদ্যোগত এখনি ঋতুস্ৰাৱ আৰু কভিডৰ সম্পৰ্কত এখনি সজাগতা  সভা অনুষ্ঠিত হৈ যায় ।  এই  এন জিও টোৱে উক্ত  সভাত উপস্থিত থকা ৰাইজৰ মাজত  মাস্ক ,চেনিটাইজাৰ আদিৰ লগতে মহিলা সকলৰ মাজত মহিলাই সাধাৰণতে মাহেকীয়া হোৱাৰ সময়ত ব্যৱহাৰ কৰা পেড  সমুহ বিতৰণ কৰে ।  সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি  নীতা দেৱীয়ে মাহেকীয়াৰ সময়ত  মহিলাসকলে লব লগীয়া সাৱধানতাৰ সম্পৰ্কত  বক্তব্য দাঙি ধৰে ৷ওৰাঙৰ স্বাস্থ্য বিভাগৰ লগত জড়িত এগৰাকী নিষ্ঠাবান স্বাস্থ্য কৰ্মী,কভিড যোদ্ধা  হিচাপে পৰিচিত  নীতা দেৱীয়ে  সভাত উপস্থিত মহিলা সকলক উদ্দেশ্যি মহিলা  সকলে  সাধাৰণতে ভুগি অহা নানান ধৰণৰ অসুবিধা সমূহৰ দৰে  গুৰুত্বপূৰ্ণ বিষয়তো ব্যখ্যা কৰে ৷  নীতা দেৱীয়ে   ভাষণ  প্ৰসংগত মহিলা সকলে ঋতুস্ৰাৱৰ সময়ত লব লগীয়া সকলো ধৰণৰ সজাগতা অৱলম্বন কৰিবলৈ বিতং ভাবে উল্লেখ কৰি কয় যে  মহিলা সকলে মাহেকীয়া হোৱাৰ সময়ত ব্যৱহাৰ কৰা কাপোৰৰ টুকুৰা ভালকৈ চাবোনেৰে ধুই ৰ’দ পৰা ঠাইত শুকাবলৈ দিয়াৰ পৰিবৰ্তে ঘৰৰ বেৰৰ কোণত ঘৰৰ পুৰুষ সকলে দেখা পাব বুলি লাজতে দেখা নোপোৱা ঠাইত শুকাবলৈ দিয়াৰ ফলত মহিলা সকলে মাহেকীয়া হোৱা সময়ত ব্যৱহাৰ কৰা কাপোৰৰ টুকুৰাটোৰ পৰা বহু ভয়াবহ বীজানো সংক্ৰমণ হৈ যৌনাঙ্গলৈ প্রবেশ কৰাৰ ফলত নানান ধৰণৰ  ৰোগে দেখা দিয়ে । এইদৰে যতে ততে ব্যৱহাৰ কৰা কাপোৰৰ টুকুৰা ৰদত শুকাবলৈ মেলি দিয়াৰ ফলত আমাৰ গুপ্তঙ্গৰ চাৰিওফালে খজুটি আদিৰ দৰেও সমস্যাই দেখা দিয়ে । আৰু মহিলা সকলে পেড ব্যৱহাৰ কৰিলেও কি দৰে ব্যৱহাৰ কৰিব লাগে আদি  বোৰ বিষয়ত সজাগ কৰা লগতে সভাত উপস্থিত  সকলো ৰাইজক  কৰোণাৰ লগতে এইবোৰ বিষয়তো সাজাগ থাকিবলৈ বিশেষভাবে আহ্বান জনায় । সভাত অতিথি হিচাপে  উপস্থিত থকা ওৰাং খণ্ড প্ৰাথমিক কেন্দ্ৰৰ বিপিএম  পংকজ সভাপণ্ডিতে তেওঁৰ ভাষণ প্ৰসংগতসন্মানীয় আই মাতৃ বাই ভন্টি উপস্থিত হোৱা এটা সভাত মহিলাৰ গোপনীয়তা, বা পুৰুষৰ আগত প্ৰকাশ কৰিব নোৱাৰাৰ দৰে বিষয় হলেও মহিলা সকলে তেওঁলোকে তেওঁলোকৰ শৰীৰত দেখা দিয়া সমস্যাৰ  সম্পৰ্ক থকা বিষয়বোৰত বাৰুকৈয়ে অধিক গুৰুত্ব প্ৰদান কৰা হাইজিন মেন্টেইট কৰা ইত্যাদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বিপিএম সভাপণ্ডিত তেওঁৰ গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে ।সভাত ৰক্তিম দেব নাথে সভাত উপস্থিত ৰাইজৰ ও অতিথি সকলক ছা – চিনাকী পৰ্বৰ আঁত ধৰি সমাজৰ মাজত এক নতুন চিনাকি হোৱাৰ লগতে ৰাইজৰ সুবিদাৰ্থে নতুনকৈ নামাকৰণ কৰা এই এন জিও টোৱে কোনো ৰাজনৈতিক দলৰ লগত সম্পৰ্ক নৰখাকৈ ৰাইজৰ কাম কৰি যোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে । এই এন জিও টোৰ বেছিভাগ সদস্যই নতুন আৰু এতিয়াও আমাৰ মাজত দুই এজনৰ বাদে চাকৰিয়াল লোক নাই । এই এন জিও টো বৰ্তমান কিছু লোকৰ পৰা সহায় লৈ পৰিচালনা কৰা হৈছে বুলি জানিবলৈ দিয়ে । গৰুবান্ধা ৰাজহ গাওঁৰ বগৰীবাৰী প্ৰাথমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত এই আকৃতি পাউণ্ডেশ্যন নামৰ এন জিও ৰ উদ্যগত আযোজন কৰা সজাগতা  সভাত উপস্থিত থাকেআকৃতি ফাউণ্ডেচনৰসভাপতি ৰক্তিম দেবনাথ,সম্পাদিকা স্মিতা প্ৰধান, সদস্য – ভাস্কৰ জ্যোতি দেব নাথ,প্ৰগতি প্ৰধান,প্ৰমোদ  তাঁতি,অনুৰনন দেব নাথ,ৰাহুল তালুকদাৰ ,বিপুল তাঁতি,নম্ৰৰিতা বৰা,যুগল কিশোৰ দেব নাথ ,উপদেষ্টা  নব কুমাৰ নাথ,সবিতা প্ৰধান,আদিয়ে ৷

Leave A Reply