Breaking

আজু, যোৰহাট জিলা সমিতিৰ দেবকুমাৰ বৰা সোঁৱৰণী মেডিয়া ফেল’শ্বিপৰ বাবে আবেদন আহ্বান

0 81

সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত চলিত বছৰৰ পৰা প্ৰৱৰ্তন কৰা হৈছে দেবকুমাৰ বৰা সোঁৱৰণী মেডিয়া ফেল’শ্বিপ। অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা, প্ৰাক্তন মন্ত্রী তথা দৈনিক জনমভূমি কাকতৰ প্ৰাক্তন সম্পাদক দেবকুমাৰ বৰাৰ সোঁৱৰণত প্ৰৱৰ্তন কৰা এই ফেল’শ্বিপ প্ৰত্যেক বছৰে একোজন সাংবাদিকক প্ৰদান কৰা হ’ব।

সদৌ অসম ভিত্তিত প্ৰৱৰ্তন কৰা এই ফেল’শ্বিপৰ বাবে অসমৰ যিকোনো ঠাইত কৰ্মৰত প্ৰিন্ট, ইলেকট্ৰনিক আৰু নিউজ এজেঞ্চিত কৰ্মৰত আৰু ৰাজ্য চৰকাৰৰ তথ্য আৰু জন সংযোগ বিভাগৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকে আৱেদন কৰিব পাৰিব। আৱেদনকাৰী শিক্ষাগত ন্যূনতম অৰ্হতা স্নাতক হোৱাৰ উপৰি সাংবাদিকতাৰ দহ বছৰীয়া অভিজ্ঞতাসম্পন্ন হ’ব লাগিব।

উল্লেখযোগ্য যে কোনো চৰকাৰী, অৰ্ধ-চৰকাৰী, স্বায়ত্তশাসিত পৰিষদ, ব’ৰ্ড অথবা সংস্থা আদিত কৰ্মৰত প্ৰাৰ্থী আবেদনৰ বাবে যোগ্য বিবেচিত নহ’ব। ইচ্ছুক সাংবাদিকসকলে তলৰ নম্বৰত যোগাযোগ কৰি ফেল’শ্বিপৰ গাইড লাইন আৰু মূল প্ৰ-পত্ৰ অনলাইন যোগে সংগ্ৰহ কৰিব পাৰিব।

ফেল’শ্বিপৰ গাইড লাইন আৰু মূল প্ৰ-পত্ৰ লাভ কৰা প্ৰাৰ্থীসকলে প্ৰ-পত্ৰ সম্পূৰ্ণকৈ ভৰ্ত্তি কৰাৰ উপৰি অধ্যয়ন কৰিব বিচৰা বিষয়বস্তুৰ সাৰাংশ (synopsis) প্ৰস্তুত কৰি ৩০ মে’ ২০২৩ৰ ভিতৰত জমা দিব লাগিব। মূল প্ৰ-পত্ৰ আৰু নিৰ্বাচিত বিষয়ৰ সাৰাংশ (synopsis) নিৰ্দিষ্ট সময়ৰ ভিতৰত জমা দিয়া প্ৰাৰ্থীসকলৰ মাজৰ পৰা এজনক ফেল’শ্বিপৰ বাবে চূড়ান্ত বাছনি কৰা হ’ব।

নিৰ্বাচিত প্ৰাৰ্থীজনে ফেল’শ্বিপৰ চূড়ান্ত প্ৰতিবেদন ৩০ নৱেম্বৰ, ২০২৩ৰ ভিতৰত জমা দিব লাগিব। উল্লেখযোগ্য যে আজুৰ যোৰহাট জিলা সমিতিৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠানত যথাযোগ্য সন্মানসহ ফেল’শ্বিপ প্ৰদান কৰা হ’ব।

যিকোনো ধৰণৰ যোগাযোগৰ বাবে আহ্বায়কদ্বয় নৱজ্যোতি বৰুৱা (৯৪৩৫০৫১৯৫৯/৮৬৩৮৩৬৬৭৫৬) আৰু যোগেশ ওজা (৮৬৩৮১০২৩৭১) নম্বৰত ফোন অথবা হোৱাটচ-এপ যোগে যোগাযোগ কৰিব পাৰিব।

Leave A Reply