Breaking

খোৱা পানীৰ সংকট আৰু বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ উদিগ্ন আম আদমি পাৰ্টী…

0 73

ৰাজ্যত বিগত এসপ্তাহত উৎকট গৰমে জনজীৱন বিপর্যস্ত কৰাৰ সমান্তৰাল ভাবে মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত খোৱা পানীৰ তীব্র সংকটে গা কৰি উঠিছে । ভূতৰ ওপৰত দানহ পৰা দি শক্তি বিভাগে লোড শ্বেডিংৰ নামত সঘনাই বিদ্যুত কৰ্তন কৰাৰ লগতে বৃদ্ধি কৰিছে বিদ্যুত বিলৰ ফিক্সড চার্জ। অসম বিদ্যুৎ নিয়ামক আয়োগে ৰাজহুৱা শুনানিৰ জৰিয়তে যোৱা ১এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ২০ টকা fix charge বৃদ্ধি কৰিছিল। কিন্তু আজি এমাহ অতিক্ৰম কৰাৰ পিছতেই এপিডি চিএলে পুনৰ FPPA ৰ নামত প্ৰতি ইউনিটত ৭০পইছাকৈ বৃদ্ধি কৰি জনতাৰ মূৰত ৰাম টাঙোন সোধাইছে।খোদ ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ নিৰ্লজ স্বীকাৰোক্তি যে উন্নয়নৰ স্বাৰ্থত হেনো বৃদ্ধি কৰা হৈছে বিদ্যুত মাচুল। অথচ গেলা গৰমে দহা ৰাজ্যবাসীক নিয়মীয়া বিদ্যুত যোগানত পয়ালগা ধৰণে ব্যৰ্থ হৈছে শক্তিবিভাগ। এপিডিচিএলকে ধৰি চৰকাৰী বিদ্যুত কোম্পানীসমূহৰ দূৰ্বল ভূমিকা আৰু কৰ্মসংস্কৃতিৰ অভাবৰ বাবে জীয়াতু ভূগিছে সৰ্বসাধাৰণে । গোটেই পৰিস্থিতিৰ ওপৰত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক মুৰব্বী ড০ ভবেন চৌধুৰীয়ে কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত শক্তিমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে। এহাতে বিদ্যুত মাচুল একেকোবে ১০ টকা বৃদ্ধি কৰা মন্ত্ৰী গৰাকীয়ে গ্ৰীষ্ম প্রবাহৰ এই ভয়াবহ দিন কেইটাতো বিদ্যুত যোগান নিয়মীয়া কৰিব নোৱাৰিলে পদত খামুচি বহি থকাৰ নৈতিক অধিকাৰ নাই বুলি চৌধুৰীয়ে মন্তব্য কৰে| বিশেষকৈ উৎকট গৰমত শ্রমিক তথা স্কুল কলেজৰ বিদ্যাৰ্থীসকলৰ দুর্ভোগ দেখিও গা নলৰা চৰকাৰখন কেতিয়াও জনদৰদী চৰকাৰ হব নোৱাৰে বুলি তীব্ৰ বক্রোক্তি ড০ চৌধুৰীৰ।


একে সময়তে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খোৱা পানীৰ সংকটে জনসাধাৰণক জীয়াতু ভোগাইছে।চৰকাৰৰ অভিলাষী জল জীবন মিচনৰ আচনিসমূহ বিকল হৈ পৰি আছে। ২০২৪ত ঘৰে ঘৰে নলেৰে জল বুলি কোৱা চৰকাৰখনৰ ঘোষণা কার্যকৰী হোৱাটো সূদূৰ পৰাহত বুলি প্ৰেছ বিবৃতিটোত প্ৰকাশ কৰে আম আদমি পাৰ্টীয়ে। সমান্তৰালভাবে মহানগৰীৰ পানীযোগান আচনি সমূহ অদ্যপি কাৰ্যকৰী কৰিব পৰা নাই জিএমডিএ অথবা জিএমচিয়ে। ১২হাজাৰ টকা জমা দিও পানীৰ বাবে হাহাকাৰ কৰিছে ৰাজধানীবাসীয়ে। এইবোৰ দেখিশুনিও চৰকাৰ মৌন হৈ বহি আছে যদিও আম আদমি পাৰ্টী মৌন হৈ বহি নাথাকে। অচিৰেই পানী আৰু বিদ্যুতৰ সমস্যাক লৈ গণ আন্দোলন তীব্ৰতৰ কৰা হব বুলি হুংকাৰ দিয়ে আম আদমি পাৰ্টীয়ে।

Leave A Reply