Breaking

২০২৪ত অৰুণাচলত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু আম আদমী পাৰ্টি ! বিনামূলীয়া পানী, বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি…

0 83

২০২৪ত অৰুণাচলত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে আম আদমী পাৰ্টি! ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া পানী, বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি! অৰুণাচল প্ৰদেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে আম আদমী পাৰ্টিয়ে। লগতে ৰাজ্যবাসীক বিনামূলীয়াকৈ বিদ্যুৎ,পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে আপে। অহা বছৰ অৰুণাচল প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। দিল্লী, পঞ্জাৱ, উত্তৰাখণ্ড, ইউ পিৰ পিছত এতিয়া আম আদমী পাৰ্টিয়ে অৰুণাচল প্ৰদেশত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যৰ ৬০খন বিধানসভা আসন আৰু দুখন লোকসভা আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে দলটোৱে। দলটোৰ ৰাজ্যিক ইউনিটৰ সাধাৰণ সম্পাদক টোকো নিকামে কয় যে ২০২৪ চনত উত্তৰ-পূবৰ ৰাজ্যখনত আপে ক্ষমতালৈ আহিলে বহু ভাল কাম কৰিব৷


নিকামে কয়, আম আদমী পাৰ্টিয়ে ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া পানী, বিদ্যুৎ, চিকিৎসা সেৱা আৰু শিক্ষা প্ৰদান কৰিব। লগতে দলটোৱে আপ অৰুণাচল প্ৰদেশৰ অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (APUAPA) ২০১৪ আৰু অৰুণাচল প্ৰদেশ ধৰ্মীয় স্বাধীনতা আইন ১৯৭৮ বাতিল কৰিব।

Leave A Reply