Breaking

বাহনৰ ওপৰত নৃত্য আপৰ কাউন্সিলাৰৰ

0 49

পঞ্জাৱৰ হোছিয়াৰপুৰৰ পৌৰ নিগমৰ আম আদমী পাৰ্টিৰ কাউন্সিলাৰ এজনৰ ভিডিঅ’ত পঞ্জাৱত গাড়ীৰ ওপৰত নাচি থকা দেখা গৈছে ছ’চিয়েল মিডিয়াত। এই কাণ্ডৰ বিষয়ে সোধাত তেওঁ কয় কয় যে, “মোৰো উপভোগ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে…আমাৰ জীৱনটো ঠিক কুকুৰৰ দৰেই। মই কাউন্সিলাৰ হৈ ভুল কৰিছো।”

পঞ্জাৱৰ হোছিয়াৰপুৰ কাউন্সিলাৰ এজনৰ ভিডিঅ’ ভাইৰেল হৈছে, য’ত তেওঁ নিজৰ গাড়ীৰ ওপৰত নাচি থকা দেখা গৈছে আৰু বেকগ্ৰাউণ্ডত গুঞ্জৰিত সংগীতৰ সৈতে গাড়ীৰ দুৱাৰ খোলা ৰাখিছে।

শুকুৰবাৰে পৌৰ নিগমৰ চৌহদত পাগুৰি পিন্ধা এজন যুৱকৰ সৈতে তেওঁ নাচিছিল আৰু দুয়োজনে ইজনে সিজনক সাৱটি ধৰা দেখা গৈছিল৷ কাউন্সিলাৰগৰাকীৰ এই নৃত্য ভিডিঅ’টো জৈনৰ নিৰ্দেশত নিগমৰ কোনোবাই নিজেই নিৰ্মাণ কৰিছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Leave A Reply