Breaking

আদানিৰ প্ৰবঞ্চনাৰ তদন্তৰ দাবীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

0 49

গৌতম আদানিৰ বিত্তীয় প্রবঞ্চনাৰ উচ্চ তদন্তৰ দাবী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰি আজি (দেওবাৰে) আম আদমি পাটীয়ে সমগ্র দেশৰ লগতে গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত বিজেপি কার্যালয়ৰ সন্মুখত প্ৰায় অর্ধশতাধিক কর্মীয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

বিজেপিৰ ছত্ৰছায়াত আদানিয়ে সর্ববৃহৎ কেলেংকাৰি কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীয়ে গৌতম আদানিৰ বিত্তীয় প্রবঞ্চনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায়। আপৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ ‘মোদী আদানী ভাই ভাই’, ’বিজেপি চৰকাৰ হায় হায়’, ’আদানিৰ কেলেংকাৰিৰ তদন্ত কৰক’ আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।

প্রতিবাদীস্থলিত উপস্থিত থাকি আপৰ কামৰূপ মহানগৰ জিলাৰ যুটীয়া সমন্বয়কদ্বয় হেপী গগৈ আৰু বল্লভ পাত্ৰই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত দেশৰ সম্পদ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ভয়ংকৰ লোট-পাত হোৱা বুলি উল্লেখ কৰি ভাৰতীয় জীৱন বীমা নিগম আৰু ভাৰতীয় ষ্টেট বেংকৰ লগতে অন্যান্য ৰাষ্ট্ৰীয়কৃত বেংকৰ বিনিয়োগকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে সাধাৰণ জনতাৰ সঞ্চিত ধনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়।

আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াৰ লগতে মহিলাক অপদস্থ কৰি চোচোৰাই লৈ আটক কৰি সন্ধিয়ালৈ চচলত আৱদ্ধ কৰি ৰাখে। আজিৰ কাৰ্যসূচীত দলটোৰ অনুৰূপা ডেকাৰাজা, সুশান্ত নাথ, আৰিফ ছিকদাৰ, ৰাজশ্ৰী অনিল, প্রবীন শর্মাকে মুখ্য কৰি সকলো পৰ্যায়ৰ নেতা-কৰ্মীসকলে অংশ কৰে।

Leave A Reply