Breaking

তেজপুৰত আম আদমি পার্টিৰ নির্বাচনী কার্যালয় মুকলি…

0 10

আম আদমি পাৰ্টিয়ে অসমৰ চৌধ্যটা লোকসভা সমষ্টিৰ ভিতৰত তেজপুৰ ডিব্ৰুগড় আৰু গুৱাহাটী সমষ্টিত প্ৰতিদন্দিতা কৰিব যদিও বাকী এঘাৰটা সমষ্টিতে ইণ্ডিয়া এলায়েন্সৰ লগত একেলগে নিৰ্বাচনত সমৰ্থন আগবঢ়াব৷ নিৰ্বাচনৰ দিন ঘোষনা কৰিলেই আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগবন্ত মানসহ বহু নেতা অসমৰ চৌধ্যটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব ৷ “আপ“ৰ তেজপুৰৰ কেতেকীবাৰীত এটা নিবাচনী কাৰ্য়ালয় মুকলি কৰি “আপ“ৰ উত্তৰ পূব অসমৰ নিৰ্বাচনী পৰ্যবেক্ষক ৰাজেশ শমাই সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে ৷

বিজেপি দলক প্ৰতিহত কৰাৰ বাবে ইতিমধ্যে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ছয়টা বিধান সভা সমষ্টিৰ অধিনত আপৰ নিৰ্বাচনী পঞ্চায়ত কাৰ্যালয় মুকলি কৰি ভোটাৰৰ লগত মত বিনিময় আৰম্ভ কৰিছে ৷ অহা এক মাৰ্চৰ পৰা সমগ্ৰ ৰাজ্যতে “অসমতো কেজৰিৱাল“ বুলি নিৰ্বাচনী প্ৰচাৰ চলাব৷ ডিব্ৰুগড় সমষ্টিত অসম জাতীয় পৰিষদৰ লুৰিন জ্যোতি গগৈক প্ৰাথীত্ব দিলে “আপে“ কেনে ভূমিকা লব বুলি সোধাত পৰ্যবেক্ষক ৰাজেশ শৰ্মাই কয় যে “আপে“ অসমৰ চৌধ্যটা লোকসভা সমষ্টিৰ ডিব্ৰুগড়, তেজপুৰ আৰু গুৱাহাটীত আপৰ প্ৰাথী বিজয়ী হোৱাটো নিশ্চিত বাবে অসমৰ বাকী এঘাৰটা সমষ্টি ইণ্ডিয়া মৰ্চাক এৰি দিছে বুলি কয় ৷

Leave A Reply