বলীউডৰ জনপ্ৰিয় অভিনেতা Aamir Khan পুনৰ এবাৰ ব্যক্তিগত জীৱনক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, চলিত বৰ্ষৰ ৫ জুলাইত দীৰ্ঘদিনীয়া সংগিনী Gauri Sprattৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব পাৰে অভিনেতাগৰাকী।
খবৰ অনুসৰি, দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ সদস্য আৰু আত্মীয়-স্বজনৰ উপস্থিতিত এক ব্যক্তিগত অনুষ্ঠানৰ জৰিয়তে এই বিবাহ সম্পন্ন হ’ব। লগতে ঘৰতেই পঞ্জীয়নভিত্তিক বিবাহৰ জৰিয়তে সম্পৰ্কটোক আনুষ্ঠানিক ৰূপ দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলিও জানিব পৰা গৈছে।
সূত্ৰসমূহে প্ৰকাশ কৰা মতে, আমিৰ আৰু গৌৰীয়ে দীৰ্ঘ সময় ধৰি একেলগে সময় অতিবাহিত কৰাৰ পিছত নিজৰ সম্পৰ্কক নতুন পৰ্যায়লৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত সময়ত এক সাক্ষাৎকাৰত আমিৰে গৌৰীক জীৱনত লাভ কৰাটো নিজৰ বাবে সৌভাগ্যৰ বিষয় বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ সৈতে থাকি মানসিক শান্তি লাভ কৰে আৰু দুয়ো একেলগে সুখী বুলি মন্তব্য কৰিছিল।
উল্লেখযোগ্য যে, ৬১ বছৰীয়া আমিৰ খানে ইয়াৰ পূৰ্বে দুবাৰ বিবাহপাশত আৱদ্ধ হৈছিল। এই সম্ভাৱ্য তৃতীয় বিবাহক লৈ ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক আলোচনা আৰম্ভ হৈছে। অনুৰাগীসকলৰ মাজতো বিষয়টোৱে যথেষ্ট আগ্ৰহৰ সৃষ্টি কৰিছে।
যদিও বিবাহ অনুষ্ঠান সম্পৰ্কে আনুষ্ঠানিকভাৱে অধিক তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও ৫ জুলাইৰ অনুষ্ঠানটোক লৈ বলীউড মহল আৰু অনুৰাগীসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে।

