Breaking

ধলপুৰ- ছিপাঝাৰত উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ সাব্যস্ত

0 2,027

সংখ্যালঘুৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ কৰক ,ধৰ্মীয় অনুষ্ঠানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক ,উচ্ছেদিত পৰিয়ালক পুনৰ সংস্হাপন দিয়ক ,সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক,পুনৰ সংস্হাপন নকৰালৈকে উচ্ছেদ অভিযান বন্ধ কৰক ,অসম চৰকাৰ হায়! হায়! ৷, বিজেপি চৰকাৰ গ বেগ আদি বিভিন্ন লিখা প্লে কাৰ্ড হাতে হাতে লৈ আমছুৰ কৰ্মকৰ্তা সকলে বিভিন্ন ধ্বনি দি দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰঅন্তৰ্গত ধলপুৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে পশ্চিম কোকৰাঝাৰ জিলা আমছুয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷গোসাইগাঁৱৰ সাপকাটাত আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত জিলা আমছুৰ সভাপতি মাজাহুৰুল ইছলামে কয় যে বিজেপি চৰকাৰে বিশেষ ধৰ্মাৱলম্বী লোকক টাৰ্গেট কৰি অসমত যি ফেচিবাদী কাৰ্য চলাই গৈছে এয়া এক মূখে গৰিহণা দিছো ৷বিশেষ ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে যদি চৰকাৰৰ অসুবিধাৰ সৃষ্টি হৈছে তেন্তে ৰাজপথত গুলিয়াই মাৰি দিয়ক বুলি অতি ক্ষোভৰ সৈতে জিলা আমছুৰ সভাপতি ইছলামে ব্যক্ত কৰে ৷প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰেজাওন আহমেদ উপস্থিত আছিল ৷

Leave A Reply