Breaking

আপৰ সাংসদ ৰাঘৱ চাদ্ধাক চৰকাৰী বাংলো খালী কৰাৰ নিৰ্দেশ আদালতৰ…

0 74

আপ নেতা ৰাঘৱ চাদ্ধাই তেওঁৰ চৰকাৰী টাইপ-৭ বাংলোটো খালী কৰিব লাগিব। আদালতে ৰাঘৱ চাদ্ধাক টাইপ ৭ বাংলোটো খালী কৰিবলৈ নিৰ্দেশ দিছে। আম আদমী পাৰ্টিৰ (আপ) নেতা ৰাঘৱ চাদ্ধাই তেওঁৰ টাইপ ৭ চৰকাৰী বাংলোটো খালী কৰিবলগীয়া হোৱাত পৰিণীতিয়ে এতিয়া সেই ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। আনহাতে, ৰাঘৱ চাদ্ধাই কয় যে কোনো কাৰণ অবিহনেই তেওঁৰ চৰকাৰী আৱাসৰ আৱণ্টন বাতিল কৰা হৈছে। উল্লেখ্য চাদ্ধাৰ উক্ত চৰকাৰী আবাসৰ আবণ্টন বাতিল কৰাৰ পিছত চাদ্ধাই সকাহ বিচাৰি আদালতৰ কাষ চাপিছিল। চাদ্ধাক ২০২২ চনৰ ছেপ্টেম্বৰ মাহত দিল্লীৰ পাণ্ডাৰা ৰোডত থকা টাইপ ৭ চৰকাৰী বাংলোটো আবণ্টন কৰা হৈছিল।

কিন্তু পিছত চৰকাৰে কৈছিল যে এগৰাকী সাংসদে সেই ঘৰ পাব নোৱাৰে। অৰ্থাৎ সেই ঘৰটোত থাকিব পৰাৰ যোগ্যতা চাদ্ধাৰ নাই। সেয়ে তেওঁক চৰকাৰে আন এটা ফ্লেট আবণ্টন দিছিল। ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁৰ সমগ্ৰ কাৰ্যকালত চৰকাৰী বাংলোৰ দখল বজাই ৰখাৰ সম্পূৰ্ণ অধিকাৰ তেওঁৰ আছে। কিন্তু তেওঁ তেওঁৰ পদমৰ্যদাৰ জোখাৰে বাংলো পাব। অতিৰিক্ত জিলা ন্যায়াধীশ সুধাংশু কৌশিকে ১৮ এপ্ৰিলত ৰাজ্যসভা সচিবালয়ক চৰকাৰী বাংলোৰ পৰা চাদ্ধাক উচ্ছেদ নকৰিবলৈ নিৰ্দেশ দিয়া অন্তৱৰ্তীকালীন আদেশ বাতিল কৰি এই মন্তব্য কৰিছিল। চাদ্ধাই ইয়াৰ পিছত পুনৰ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও আদালতে তেওঁক সকাহ নিদিলে। ইপিনে চৰকাৰে কৈছে যে পদ মৰ্যদা অনুসৰি চাদ্ধাই টাইপ ৭ৰ সলনি টাইপ ৬ শ্ৰেণীৰহে বাংলো লাভ কৰিব পাৰে।

Leave A Reply