Breaking

গুৱাহাটী লোকসভা সমষ্টিত ‘আপ’ৰ নিৰ্বাচনী ৰণডংকা, ছমৰীয়াত ‘আপ’ৰ কার্য্যকতা সম্মিলন সম্পন্ন…

0 16

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গুৱাহাটী লোকসভা সমষ্টিত আম আদমি পার্টীয়ে সাংগঠনিক তৎপৰতা বৃদ্ধিত উঠি পৰি লাগিছে। দলটোৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ ভবেন চৌধুৰীৰ উপস্থিতিত আজি কামৰূপ জিলাৰ ছমৰীয়াত এটা নির্বাচনী কার্যালয় মুকলি কৰাৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজৰ উপস্থিতিত এখন কার্য্যকর্তা সম্মিলন অনুষ্ঠিত হয়। সভাত অঞ্চলটোৰ ৰাইজৰ লগত মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লয় লগতে অঞ্চলটোৰ মূল পথেৰে দলীয় কৰ্মীসকলে আম আদমি পার্টী জিন্দবাদ ধ্বনিৰে পদযাত্ৰা কৰে। সভাৰ অন্তত ডাঃ ভবেন চৌধুৰীয়ে গুৱাহাটী লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ এশ শতাংশ জয়ীৰ নিশ্চিত প্রদান কৰে।

দলটোৰ বহুকেইজন ৰাজ্যিক বিষয়ববীয়া উপস্থিত থকা সম্মিলনখনত দলটোৰ গুৱাহাটী লোকসভা সমষ্টিৰ তত্ত্বাৱধায়ক দীপাংকৰ কলিতাই ঘৃণা আৰু স্বজনপ্রীতিৰ বিপৰীতে বৌদ্ধিক আৰু পেচাগত সফলতাৰে সমাদৃত ‘আপ’ ৰ প্রার্থী ডাঃ ভবেন চৌধুৰীক এইবাৰ নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। আম আদমি পার্টীয়ে বিজেপি বিৰোধী এখন ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক আৰু জনমুৰি চৰকাৰ গঠনৰ পক্ষে আগুৱাই আহিবলৈ উপস্থিত জনসাধাৰণলৈ আহ্বান জনায়।

Leave A Reply