Breaking

গুৱাহাটীত ‘আপ’ৰ কৰ্ম্মী সভা। সন্মুখত নির্বাচন, দলীয় কৰ্মীক কঁকালত টঙালি বন্ধাৰ আহ্বান সভাপতি ভবেন চৌধুৰীৰ…

0 59

ৰাজ্যৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে আম আদমি পার্টীয়ে ইতিমধ্যে আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ। ৰাজ্যৰ গাওঁ পঞ্চায়ত সমূহ দখলৰ ৰণ কৌশল যুগুত কৰিবলৈ দলটোৱে ব্যাপক সাংগঠনিক তৎপৰতা চলোৱাৰ সময়তে আজি দলটোৰ গণেশগুৰিস্থিত ৰাজ্যিক কার্যালয়ত সভাপতি ভবেন চৌধুৰীৰ উপস্থিতিত এখন কৰ্ম্মী সভা অনুষ্ঠিত হৈ যায়। সভাত দলটোৰ জিলা সদস্যপদ সমন্বয়ক সকলৰ সৈতে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় আৰু আগন্তুক দিনত দলটোৰ প্ৰচাৰ আৰু প্ৰসাৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। সভাত বিভিন্ন জিলাৰ পৰা দলটোৰ অক্লান্ত কৰ্মীসকলক একোখনকৈ মানপত্র, ফুলাম গামোচা আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়। সভাপতি ভবেন চৌধুৰীয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত আসন সমূহ আপৰ দখললৈ অনাৰ বাবে সকলো দলীয় কর্মীক সাজু হ’বলৈ আহ্বান জনায়।

তাৰোপৰি পঞ্চায়ত আইন সংশোধনৰ জৰিয়তে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাক বিজেপিয়ে কুক্ষিগত কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে আম আদমি পাৰ্টীয়ে। জনতাৰ সৈতে পোনপটীয়াকৈ জড়িত এই আইন সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত লওঁতে দল-সংগঠন তথা ৰাজহুৱা অনুষ্ঠানসমূহৰ সৈতে আলোচনা কৰি সকলোৰে মতামত লোৱাটো উচিত বুলি মত প্ৰকাশ কৰে ভবেন চৌধুৰীয়ে। আজিৰ সভাত সম্পাদক ভিক্টৰ গগৈ,অম্লান বৰুৱা, জাৰবম কুটুম, ৰুদ্ৰাংকুৰ হাজৰিকা আদিকে কৰি বহুকেইজন ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে।

Leave A Reply