Breaking

অ’ এন জি চি’ৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে গৰজি উঠিল ‘আছু’

0 1,546

 মহাৰত্ন তৈল – গেছ উদ্যোগ ” তেল আৰু প্ৰাকৃতিক গেছ নিগম ” ( অ’ এন জি চি ) অসম সম্পদত একাংশ বহিৰাগত বিষয়াই দীৰ্ঘদিন ধৰি চলাই অহা থলুৱা বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল সদৌ শিৱসাগৰ জিলা ছাত্র সন্থা । বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে অইলকে ধৰি অ’ এন জি চি অসম সম্পদৰ কেইবাটাও লাভজনক তৈলক্ষেত্ৰ ইতিমধ্যে বহিৰাগত পুজিপতি গোষ্ঠীক নিলাম কৰি অসমৰ আৰ্থ – সামাজিক বুনিয়াদ ধ্বংসৰ গ্ৰাহলৈ ঠেলি দিয়াৰ পৰৱৰ্তী সময়ত শেহতীয়াকৈ নিগমৰ অসম সম্পদক আশ্চৰ্য জনকভাৱে অইল ইণ্ডিয়া লিমিটেডৰ লগত চামিলকৰণৰ সিদ্ধান্ত বাতিল , থলুৱা নিবনুৱা তথা ঠিকাদাৰ – পৰিয়ালক ভাতে মাৰি ঔষধ যোগানৰ ঠিকা এপ’ল’ গোষ্ঠীক অৰ্পনৰ সিদ্ধান্ত বাতিল , জেম ( GeM ) প’ৰ্টেলৰ জৰিয়তে অ’ এন জি চি ৰ নিবিদা সম্পন্ন কৰি পুজিপতি গোষ্ঠীক ৰঙা দলিচা পাৰি দি থলুৱাৰ স্বাৰ্থ বিঘ্নিত কৰা সিদ্ধান্ত বাতিল , অ’ এন জি চি অসম সম্পদত নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰি স্থানীয় নিবনুৱাক মকৰল কৰা  , নিগমৰ খনন – উৎপাদন এলেকাৰ উন্নয়ন সাধনত কৰ্তৃপক্ষই উদাসীন মনোভাৱ পৰিহাৰ কৰা , শিৱসাগৰ জিলাক তৈল নগৰী হিচাপে ঘোষণা কৰি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা আদিৰ দাবীত আজি পুনৰবাৰ সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই অ’ এন জি চি অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তৈল প্ৰতিষ্ঠানটোৰ থলুৱা বিৰোধী নীতি পৰিহাৰ কৰিবলৈ সকীয়াই দিয়ে ।   জিলাখনৰ শিৱসাগৰ , নাজিৰা , গেলেকী , নামতি , জোকতলি , শিমলুগুৰি , ডিমৌ , দিচাংমুখ , গৌৰীসাগৰ আদি বিভিন্ন আঞ্চলিক ছাত্র সন্থাৰ দুই শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত  অ’ এন জি চি অসম সম্পদত থলুৱা স্বাৰ্থ সুৰক্ষিত কৰক , নিযুক্তি প্ৰক্ৰিয়া শীৰ্ঘ্ৰে মুকলি কৰক , অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ পৰা বছৰি নিযুক্তি ব্যৱস্থা কৰক , এপ’ল’ প্ৰতিষ্ঠানক দিয়া ঔষধ যোগানৰ ঠিকা বাতিল কৰক , জেপ প’ট্ৰেলৰ জৰিয়তে বহিৰাগত প্ৰতিষ্ঠানক ঠিকা অৰ্পনৰ ব্যৱস্থা বাতিল কৰি থলুৱা নিবনুৱাক ঠিকা যোগানৰ ব্যৱস্থা কৰি থলুৱা স্বাৰ্থ সুৰক্ষিত কৰক , বহিৰাগত বিষয়াৰ ষড়যন্ত্ৰ বন্ধ কৰক , বহিৰাগত বিষয়াৰ দপদপনি সৰ্য্য কৰা নহব , অ’ এন জি চিৰ গুণ্ডামী সৰ্য্য কৰা নহ’ব আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে নিগমৰ চৌহদ । পিছত সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ সভাপতি মানৱ হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিপাংকৰ শইকীয়াৰ স্বাক্ষৰিত এখনি বাৰ দফীয়া দাবী চনদ প্ৰদান কৰে অ’ এন জি চি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকৰ হাতত । উক্ত  চনদত উল্লেখিত দাবী সমূহ ১৫ দিনৰ ভিতৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে নিগমৰ সমূহ কাম – কাজ এশ ঘণ্টা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি দাবী চনদত লগতে সকীয়াই দিয়ে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই । আছুৰ কেন্দ্ৰীয় উপদেষ্টা উদিপ্ত জ্যোতি গগৈ , কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সমীৰণ ফুকন , জিলা সভাপতি মানৱ হাজৰিকা , ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিপাংকৰ শ ইকীয়া আদিকে ধৰি ভালেকেইজন বিষয় – ববীয়াই বক্তব্য দাঙি ধৰি অ’ এন জি চি অসম সম্পদৰ থলুৱা বিৰোধী নীতিক তীব্ৰ গৰিহণা দিয়ে ।

 

Leave A Reply