Breaking

ধিঙত সামাজিক সাংস্কৃতিক সমস্যা সমাধানৰ হকে ধিং মহাবিদ্যালয়ৰ ৬১ গৰাকিকৈ ছাত্ৰ ছাত্ৰী সহযোগত আছু গোট গঠন

0 569

ধিঙৰ সমস্যা সমাধানৰ বাবে ধিং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ধিং মহাবিদ্যালৰ আছু গোট গঠন কৰে। ধিং আঞ্চলিক ছাত্র সন্থাৰ সহযোগত আৰু ধিং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ ব্যৱস্থাপনাৰে ৬১ গৰাকিকৈ ছাত্ৰ ছাত্ৰীকলৈ গঠন কৰে আছু গোট।ধিং আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিব্যজ্যোতি দাসৰ সভাপতিত্বত এই আছু গোটৰ সভাপতিৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে জ্ঞানজ্যোতি নাথ আৰু ৰত্নলক্ষী নাথ আৰু ৱাছিম আক্ৰমক যুটীয়া সম্পাদক হিচাপে দায়িত্ব ভাৰ অৰ্পণ কৰে।

সমান্তৰালকৈ বিভিন্ন বিভাগৰ পদবীতো দায়িত্ব দিয়ে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক । সমিটি গঠনৰ পিছতে দায়িত্ব ভাৰ গ্ৰহণ কৰা প্ৰতিজন বিষয় ববিয়া ই শপত গ্ৰহণ কৰে । শপত গ্ৰহণ কৰায় নগাঁও মহকুমাৰ ছাত্ৰ সন্থাৰ সভাপতি তথা নিদিষ্ট বক্তা ভাস্কৰজ্যোতি নাথে ।এই সভাৰ পৰাই ধিং আঞ্চলিক ছাত্র সন্থাৰ আৰু মহকুমা ছাত্ৰ সন্থাৰ বিষয় ববিয়া সকলে উদিয়মান এইসকল ছাত্ৰ ছাত্ৰী কৰ্মৰাজিৰে ধিঙৰ সামাজিক সমস্যা সমাধানৰ বাবে বিশেষ ভূমিকা থাকিব বুলি আশা প্ৰকাশ কৰে। সভাৰ শেষত জাতীয় সংগীতেৰে সভাৰ সভাখনি সফল সামৰণি কৰে।

Leave A Reply