Breaking

জৰাজীৰ্ণ বাট পথ নিৰ্মাণৰ দাবীত টেঙাখাত ৰাজহ চক্ৰ কায্যালয়ৰ অধীনৰ টিংৰাই চাৰিআলিত আছু’ৰ মানৱ শৃংখল কাৰ্যসূচী

0 48

লোকনিৰ্মাণ বিভাগৰ অধীনস্থ টেঙাখাত অঞ্চলৰ গুৰুত্বপূৰ্ণ বাট পথ সমূহৰ লগতে লাহোৱালৰ পৰা দুলিয়াজান তথা নাহৰকটীয়া সংযোগী বিস্তৃত অঞ্চলৰ জৰাজীৰ্ণ বাট পথ সমূহ অতি শীঘ্ৰে নিৰ্মানৰ দাবীত আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থা আৰু নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয় । দিনৰ ১১-৩০ বজাত টিংৰাই চাৰিআলিত ৰাজপথৰ কাষত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়া সম্পাদক প্ৰকাশ শইকীয়া দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰা সম্পাদক সমীৰণ গগৈ নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ত্ৰিদিপ শইকীয়া সম্পাদক নিপু ভূঞাৰ নেতৃত্বত বহু ছাত্ৰ নেতা কৰ্মীৰ লগতে বিদ্যালয়ৰ ইউনিফৰ্ম পিন্ধি বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে উপস্থিত হৈ মানৱ শৃৎখল কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা যায় । উক্ত কাৰ্যসূচীত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ধনজিত সন্দিকৈ কনক গগৈ ক্ৰীড়া সম্পাদক উমানন্দ গোহাঁই মুখ্য সংগঠনিক সম্পাদক বিতুপন গগৈ সাহিত্য সম্পাদক অৰ্জুন ছেত্ৰী টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সীমান্ত হাজৰিকা দ্বীপজ্যোতি শইকীয়া আদিয়েও অংশগ্ৰহণ কৰে। প্ৰতিবাদী কায্যসূচীৰ নিৰ্দিষ্ট বেনাৰ লৈ তথা আছু’ ৰ পতাকা লৈ — ” জয় আই অসম , বিজেপি হাঁই হাঁই, বিজেপি লেই লেই ছেই ছেই ,বিধায়ক তেৰচ গোৱালাৰ কাম’নাই , কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰতেলী হাঁই হাঁই লোকনিৰ্মাণ বিভাগে জৰাজীৰ্ণ বাট পথ সমূহ শীঘ্ৰে নিৰ্মানৰ ব্যৱস্থা কৰক ” আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদী ধৰ্না দি অঞ্চলটোৰ ৰাইজ তথা ৰাজপথেৰে যোৱা ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাও পৰিলক্ষিত হয় ।

অন্যহাতে দিনৰ ১২-৩০ বজাত টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰতিনিধি হিচাপে মণ্ডল কাননগু পৰ্যবেক্ষক অনুপ কুমাৰ শইকীয়া প্ৰতিবাদস্থলিত উপস্থিত হোৱাত তেওঁৰ হাতত টেঙাখাত- – নাহৰকটীয়া- দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ স্বাক্ষৰিত সুকীয়াকৈ ডিব্ৰুগড় জিলা উপায়ুক্তলৈ সম্বোধন কৰা তথা টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰা তিনিখন স্মাৰকপত্ৰ প্ৰদান কৰি কাৰ্যসূচী সমাপ্তিৰ ঘোষনা কৰে।

Leave A Reply