Breaking

গোগামুখ ৰে’লৱৈ ষ্টেচন উন্নীত কৰাৰ দাবীত আছুৰ ৰে’ল অৱৰোধ। আৰক্ষীৰ লগত তীব্ৰ বাক-বিতাণ্ডাঃ ধেমাজি আৰক্ষী অধীক্ষকৰ তুলুঙা মন্তব্যত ক্ষুন্ন আছুঃ 

0 79

ধেমাজি জিলাৰ অন্যতম ব্যস্ত ৰে’ল ষ্টেচন হিচাপে পৰিগণিত গোগামুখ ৰে’লৱৈ ষ্টেচন উন্নীত কৰণ আৰু ইয়াৰ বিভন্ন সমস্যা সমাধানৰ দাবী আজি মংগলবাৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই গোগামুখ ৰে’ল ষ্টেচনত ৰে’ল অবৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ছাত্ৰ সন্হাৰ কৰ্মী-সদস্যকে ধৰি পাঁচ শতাধিক স্থানীয় ৰাইজে ৰূপায়ণ কৰা উক্ত অৱৰোধ কাৰ্যসূচী বাধা দিবলৈ আজি পুৱা ধেমাজি জিলাৰ বিশাল আৰক্ষী-চি আৰ পি এফ আৰু ৰে’লৱৈ আৰক্ষী বাহিনী  সষ্টম হৈ আছিল ৷ ৰে’ল অৱৰোধ কৰিবলৈ আগবঢ়া প্ৰতিবাদী সকলক আৰক্ষী-চি আৰ পি এফৰ বিশাল বাহিনী বাধা প্ৰদান কৰে ৷ আৰক্ষী-চি আৰ পি এফৰ  বেহু ফালি ছাত্ৰ সন্হাৰ কৰ্মীসকলে ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰোঁতে দুয়োপক্ষৰ মাজত তীব্ৰ বাক-বিতাণ্ডা আৰু টনা-আঁজোৰাৰ সৃষ্টি হয় ৷  প্ৰতিবাদী ৰাইজে ধেমাজি আৰক্ষী মুৰ্দাবাদ, ৰে’লৱৈ আৰক্ষী নিপাত যাওঁক, সাংসদ প্ৰদান বৰুৱা মুৰ্দাবাদ, মন্ত্ৰী  ৰণোজ  ৰণোজ পেগু হুচিয়াৰ,  গোগামুখ ৰে’ল ষ্টেচনক ষ্টপেজ ঘোষণা কৰক, গোগামুখ ৰে’ল ষ্টেচন উন্নীত কৰক, গোগামুখ ৰে’ল ষ্টেচনত ৰাজ্য-বহিঃৰাজ্যলৈ অহা-যোৱা সকলো ৰে’ল আৰু ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰক আদি শ্ল’গানেৰ অৱৰোধস্থলী উত্তাল কৰি তোলে ৷ অৱৰোধ স্থলীত উপস্থিত থাকি ধেমাজি জিলা ছাত্ৰ সন্হাৰ উপসভাপতি ঋতুপৰ্ণ কোঁছে কয়-  গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই ৰে’ল বিভাগক দীৰ্ঘদিনে গোগামুুখ ৰে’ল  ষ্টেচনত পৰ্যাপ্ত সুবিধা প্ৰদানৰ দাবী কৰি আহিছে ৷ কিন্তু ৰে’ল বিভাগে আজিকোপতি এই দাবী সমূহক কোনো গুৰুত্ব দিয়া নাই ৷

গোগামুখ ৰে’ল ষ্টেচনখন উত্তৰ অসমৰ অন্যতম ব্যস্ত ৰে’ল ষ্টেচন ৷ এই ষ্টেচনখনে গোগামুখৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সম্পূৰ্ণ দুখন জিলা, অসমৰ মাজুলী জিলা আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ৰে’লৱৈ যাত্ৰী সকলক সামৰি লৈছে ৷ কিন্তু ৰে’ল ষ্টেচনখনত ৰে’ল যাত্ৰীৰ বাবে আগতীয়া আসন সংৰক্ষণৰ কোনো ব্যৱস্থা নাই ৷ বহিঃ ৰাজ্য আৰু দেশৰ ৰাজধানী চহৰ দিল্লীলৈ অহা-যোৱা কৰা কোনো এখন ৰে’লগাড়ী  গোগামুখত ৰখোৱাৰ ব্যৱস্থা নাই ৷ তদুপৰি গোগামুখ ৰে’ল ষ্টেচনত যাত্ৰী সকলৰ নিৰাপত্তাৰ দিশটো সম্পূৰ্ণৰূপে উলংঘা কৰাৰ লগতে যাত্ৰী সকলৰ বাবে কোনো উন্নত মানৰ জিৰণি চ’ৰা নাই ৷ ফলত ৰে’ল যাত্ৰী সকল যমৰ যাতনা ভোগ কৰি অহা বুলি তেওঁ মন্তব্য দিয়ে ৷ ৰে’ল অৱৰোধ কাৰ্যসূচীক বাধা দিবলৈ উঠিপৰি লগা ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই ৷ আৰক্ষী অধীক্ষক ভূঞাই ইন্টাৰনেট আৰু ম’বাইলৰ দিনত আসন যাত্ৰীৰ বাবে সংৰক্ষণ বিচৰি আন্দোলন কৰাটো হাস্যকৰ বুলি ছাত্ৰ সন্হাৰ কৰ্মী-সদস্যক টেলিফোনত ধমকি দিয়াৰ লগতে ৰে’ল অৱৰোধ কাৰ্যসূচী উঠাই ল’বলৈ ভাবুকি দিয়া বুলি অভিযোগ তোলে ৷ ছাত্ৰ সন্হাই আৰক্ষী অধীক্ষক ভূঞাৰ এনে মন্তব্যক তীব্ৰ গৰিহণা দি কয়- যদি ম’বাইল আৰু ইন্টাৰনেট সেৱাৰ বাবে ৰে’লৰ আসন সংৰক্ষণ ব্যৱস্থা প্ৰয়োজন নাই তেন্তে ধেমাজি জিলাৰ লগতে সমগ্ৰ অসমৰ ৰে’ল ষ্টেচনত আসন সংৰক্ষণ ব্যৱস্থা উঠাই দিয়ক ৷ এই কামটো আৰক্ষী অধীক্ষক ভূঞাৰ নেতৃত্বতে আৰম্ভ কৰক বুলি ছাত্ৰ সন্হাই দাবী কৰে ৷ তদুপৰি গোগামুখ ৰে’ল ষ্টেচনৰ যাত্ৰী সকলে গোগামুখৰ বাহিৰৰ ৰে’ল ষ্টেচনৰ পৰা টিকট ক্ৰয় কৰোঁতে আৰু ইন্টাৰনেট আৰু ম’বাইল সেৱাত অতিৰিক্ত যিমান টকা ব্যয় হৈ তাক কোনে বহন কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ সাধাৰণ কৃষি-জীৱি ৰাইজে এখন কম্পিউটাৰ দোকানত বা কাৰোবাৰ ম’বাইলত ৰে’ল টিকেট ক্ৰয় কৰিবলৈ অতিৰিক্ত ৫০-৬০ টকা ব্যয় কৰিবলগা হোৱাৰ লগতে গোগামুখৰ বাহিৰৰ ষ্টেচনৰ পৰা টিকেট বুকিং কৰিবলৈ হ’লে অতিৰিক্ত ১০০-২০০ টকা ব্যয় কৰিবলগা হৈ আহিছে। শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি থাকি ধেমাজি জিলা আৰক্ষী অধীক্ষকে  সাধাৰণ খাটি খোৱা ৰাইজৰ চিন্তা পাহৰি যোৱা বুলি ছাত্ৰ সন্হাই বিষোদগাৰ প্ৰকাশ কৰে ৷ প্ৰতিবাদৰ অন্তত গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ ভাৰপ্ৰাপ্ত সভাপতি ললিত গগৈ আৰু সম্পাদক ৰাহুল দেউৰী স্বাক্ষৰিত উল্লিখিত দাবী সমূহৰ সমৰ্থনত এখন স্মাৰকপত্ৰ ৰে’ল বিভাগলৈ প্ৰেৰণ কৰে আৰু দাবী সমূহ শীঘ্ৰেই পূৰণ নকৰিলে পুনৰ ৰে’লপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংশ্লিষ্ট পক্ষক সকীয়াই দিয়ে ৷

Leave A Reply