Breaking

গুৱাহাটীৰ পৰা অপহৃত শিশু বৰপেটাৰ ভেল্লাৰ ৰাইজৰ তৎপৰতাত উদ্ধাৰ

0 524

গুৱাহাটীৰ পৰা অপহৃত শিশু বৰপেটাৰ ভেল্লাৰ ৰাইজৰ তৎপৰতাত উদ্ধাৰ

বাইকেৰে ফুৰাই অনাৰ কথা কৈ শিশুটিক লৈ আহিছিল বৰপেটা অভিমূখে।
শিশুটিক জোৰ জুলুমকৈ বাইকত উঠাই আনিছিল অপহৰণকাৰীয়ে।
গুৱাহাটীৰ পৰা শিশুটি আনি থকা অৱস্থাত ভেল্লাত
অপহৰণকাৰীয়ে বাইকখন ৰখাইছিল।
শিশুটি কান্দি থকা অৱস্থাত প্ৰত্যক্ষ হোৱাত স্থানীয় ৰাইজৰ সন্দেহ উপজে।
স্থানীয় ৰাইজে শিশুটিৰ কাষ চপাত লগে লগে তাৰ পৰা অপহৰণকাৰী আকিবুল আলীয়ে পলায়ন কৰে।

তাৰ পিছত শিশুটিক সোধা-পোছা কৰাত শিশুটিক অপহৰণ কৰা ঘটনা আৰু শিশুটিৰ পৰিচয় জানিবলৈ পায়।
পিতৃহাৰা শিশুটিৰ নাম শুকুৰ আলী আৰু মাতৃৰ নাম হাচিনা বেগম।
ঘৰ গুৱাহাটীৰ কটাহবাৰীত।
কটাহবাৰীৰ মছজিদৰ ওচৰতে মাতৃৰ সৈতে থাকে শিশুটি।
আকিবুল আলী নামৰ এজন যুৱকে শিশুটিক অপহৰণ কৰি আনিছিল।
অপহৰণকাৰী আকিবুলৰ প্ৰকৃত পৰিচয় জানিবলৈ পোৱা নাই যদিও কটাহবাৰীতে থাকে বুলি জানিবলৈ পোৱা গৈছে।
কি উদ্দেশ্য লৈ শিশুটিক অপহৰণ কৰা হৈছিল সেইয়াও জানিবলৈ পোৱা নাই যদিও উদ্দেশ্য অসৎ আছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে।

স্থানীয় ৰাইজে লগে লগে বৰপেটা সদৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অবগত কৰাত আৰক্ষীৰ এটি দল উপস্থিত হৈ শিশুটিক থানালৈ নিয়ে।

Leave A Reply