Breaking

নগা বেদখলকাৰীৰ কৱলত অভয়পুৰ সংৰক্ষিত বনাঞ্চল : নীৰৱ ৰাজ্যৰ বন বিভাগ।

0 1,662

চৰাইদেউ জিলাৰ এখন অন্যতম গুৰুত্বপূৰ্ণ বনাঞ্চল হ’ল অভয়পুৰ সংৰক্ষিত বনাঞ্চল। অসম-নগালেণ্ড সীমান্তবৰ্তী এলেকাত থকা বনাঞ্চল খনৰ মুঠ মাটিকালি ৬৭৩২.৬৬০। সম্প্ৰতি নগা বেদখলকাৰীৰ কৱলত পৰিছে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ শ শ বিঘা মাটি। তাৰ পিছতো নীৰৱে আছে ৰাজ্যৰ বন বিভাগ। উল্লেখ্য যে চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত পৰ্যাপ্ত বনকৰ্মী নথকাৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে বনাঞ্চলখনৰ বৃহৎ বৃহৎ গছ কাটি কাঠৰ চোৰাং সৰবৰাহ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। আনহাতে বনাঞ্চল খনত নগা দুষ্কৃতিকাৰীয়ে বেদখল কৰা লগতে বন ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ অভিযোগ বহু পুৰণি। মূলত বনকৰ্মীৰ সংখ্যা সীমিত হোৱাৰ বাবেই নগা দুষ্কৃতিকাৰীৰ অবাধ বিচৰণ কৰিছে বনাঞ্চল খনত। শেহতীয়াকৈ বনাঞ্চল খনৰ ভিতৰত নগা দুষ্কৃতিকাৰীয়ে বনাঞ্চল খনৰ ভিতৰত শিবিৰ পাতি প্ৰায় তিনি শ বিঘা মাটি বেদখল কৰি ৰবৰৰ বাগিচা স্থাপন কৰাৰ তথ্য পোহৰলৈ আহিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৯ চনৰ অক্টোবৰ মাহতে চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষী বাহিনীৰ লোকে বনৰক্ষীক লগত লৈ বনাঞ্চল খনত চলোৱা এক অভিযানত নগা দুষ্কৃতিকাৰীয়ে বেদখল কৰাৰ তথ্য পোহৰলৈ আহিছিল। সেই অভিযানৰ সময়ত  বেদখল আৰু কাঠৰ চোৰাং সৰবৰাহত জৰিত চাৰিজন নগা যুৱকক মাৰনাস্ত্ৰ আৰু গছ কটা যন্ত্ৰসহ আটক কৰা হৈছিল যদিও বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই আটাইকে মুকলি কৰি দিব লগা হৈছিল আৰক্ষীয়ে। মন কৰিবলগীয়া যে অভয়পুৰ সংৰক্ষিত বনাঞ্চলত পৰ্যাপ্ত বনৰক্ষী নথকাৰ বাবে নিৰাপত্তা জনিত কাৰণত কিছুবছৰ পূৰ্বে বনাঞ্চল খনৰ ভিতৰত থকা জয়মতী বন শিবিৰটো বন্ধ কৰি দিয়া হয় আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি দুষ্কৃতিকাৰীয়ে বেদখল অব্যাহত ৰাখিছে বনাঞ্চল খনত। ইফালে শেহতীয়াকৈ বনাঞ্চল খনৰ ভিতৰত নগা দুষ্কৃতিকাৰীয়ে বেদখল কৰাৰ লগতে বন ধ্বংসযজ্ঞ অব্যাহত ৰখা এটা ভিডিঅ’ চছিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতেই হুৱাদুৱা লাগিছে বন বিভাগৰ মাজত।

Leave A Reply