Breaking

সাহিত্য অকাদেমিৰ দ্বি-ভাষিক কবি সন্মিলনত অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰি ডিমৌৰ পৰা প্ৰথমবাৰৰ বাবে কবিতা পাঠ কৰিব অভিজিত গগৈয়ে…

0 123

সাহিত্য অকাদেমিৰ অসমীয়া, তামিল দ্বি-ভাষিক কবি সন্মিলনত অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰি ডিমৌৰ পৰা প্ৰথমবাৰৰ বাবে কবিতা পাঠ কৰিব ডিমৌৰ উদীয়মান তথা নৱ প্ৰজন্মৰ কবি অভিজিত গগৈয়ে। অহা ২৯ নবেম্বৰত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া কবি সন্মিলনত ‘ঝুম মিটৰ জড়িয়তে’ ভাগ লব। এই অনুষ্ঠানতে অসমৰ ড৹ বিজয় শংকৰ বৰ্মন, অভিজিত গগৈ,তামিলনাড়ুৰ চি চেথুপাৰ্ঠি, না মুথু নিলাভানে কবিতা পাঠ কৰিব।

উল্লেখ্য যে ডিমৌৰ অভিজিত গগৈয়ে গৰীয়সী, যাত্ৰা,গদ্য-পদ্য,স্পন্দন জীৱনৰ, অন্যযুগ, বিভিন্ন দৈনিক কাকতত আদিত কবিতা প্ৰকাশ পোৱাৰ উপৰিও সাতসৰী, প্ৰান্তিক আৰু সাপ্তাহিক কাকতত প্ৰবন্ধ প্ৰকাশ পাই আহিছে।
যুৱ প্ৰজন্মৰ এইগৰাকী কবিৰ আকাশবাণী গুৱাহাটীৰ “সাহিত্য চ’ৰা” আৰু আকাশবাণী যোৰহাটৰ “সাহিত্য দৰ্পণ” অনুষ্ঠানত কবিতা সম্প্ৰচাৰ হৈছে।

প্ৰথমবাৰৰ বাবে বিশিষ্ট সাহিত্যিক ড৹ আনন্দ বৰমুদৈয়ে এইগৰাকী কবিৰ অসমীয়া কবিতা ইংৰাজীলৈ অনুবাদ কৰিছে। অভিজিতৰ এই খবৰে ডিমৌৰ সচেতন মহলৰ লগতে সাহিত্য চৰ্চাত জড়িত সকলেসন্তুষ্টি প্রকাশ কৰিছে।

Leave A Reply