Breaking

ঋতুৰাজৰ ঠাইত দলত স্থান লাভ কৰে অভিমন্যু ইশ্বৰনে, ইণ্ডিয়া এৰ হৈ সুযোগ লাভ কৰে ৰিংকু সিঙে…

0 32

টিম ইণ্ডিয়াত স্থান লাভ কৰিছে অভিমনু ইশ্বৰনে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে তেওঁক সুযোগ দিয়া হৈছে। ২৬ ডিচেম্বৰৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দুখন মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব। ঋতুৰাজ গাইকৱাদ এই ছিৰিজৰ বাহিৰত। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে অভিমন্যু ইশ্বৰনে টিম ইণ্ডিয়াত স্থান লাভ কৰিছে। ঘৰুৱা মেচত অভিমন্যুৰ ভাল অভিলেখ। বৰ্তমান তেওঁ ইণ্ডিয়া এ দলৰ অংশ আৰু মূল দলৰ সৈতে দক্ষিণ আফ্ৰিকাত আছে। বিচিচিআইয়ে ৰিংকু সিঙক ইণ্ডিয়া এ দলত অন্তৰ্ভুক্ত কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ঋতুৰাজ। তেওঁ এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই। এই কাৰণতে টিম ইণ্ডিয়াই তেওঁক বিৰতি দিছে। অভিমন্যুৱে ঋতুৰাজৰ ঠাইত স্থান পাইছে। শুকুৰবাৰে সন্ধিয়াহে তেওঁৰ সন্দৰ্ভত এটা আপডেট লাভ কৰা হৈছিল। বিচিচিআইয়ে নিজৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে টিম ইণ্ডিয়া সন্দৰ্ভত এক আপডেট প্ৰকাশ কৰিছে।

বিচিচিআইয়ে ইণ্ডিয়া এ দলত ৰিংকু সিং, সৰফৰাজ খান, ৰজত পাটিদাৰ আৰু আবেশ খানক অন্তৰ্ভুক্ত কৰিছে। ঘৰুৱা মেচত এই খেলুৱৈসকলৰ ভাল অভিলেখ। ৰিংকুৱে টি-২০ আৰু এদিনীয়াত টিম ইণ্ডিয়াৰ হৈ খেলিছে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চাৰিদিনীয়া খেলখনৰ বাবে ভাৰত এ দল ত: অভিমন্যু ইশ্বৰন (অধিনায়ক), সাই সুদৰ্শন, ৰজত পাটিদাৰ, সৰফৰাজ খান, তিলক ভাৰ্মা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, আবেশ খান, নৱদীপ ছাইনি, আকাশ দীপ, বিদাথ কাৱাৰাপ্পা, মানৱ সুথাৰ, ৰিংকু সিং।



Leave A Reply