Breaking

অবড়োৰ বিৰুদ্ধে অপ-প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ অবড়ো সুৰক্ষা সমিতিৰ আহ্বান

0 2,038

সমাগত বিধান সভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ হোৱাৰ সমান্তৰালকৈ অবড়ো ৰাজনৈতিক দলৰ প্ৰতিও বোকা ছটিওৱা আৰম্ভ হোৱা দৃষ্টি গোচৰ হোৱাত আজি তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ সভাপতি দুলাল পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰিছে। সভাপতি গৰাকীয়ে আজি সাংবাদিকক জনোৱা মতে অলপতে গণ সুৰক্ষা পাৰ্টিৰ কেইজন মান অচিনাকি লোকে সংবাদ মেল সম্বোধন কৰি “অবড়ো সুৰক্ষা সমিতি, অসমৰ সভাপতি ললিত হেমৰম আৰু সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীয়ে সংগঠনৰ পৰা পদত্যাগ কৰা বুলি অপ-প্ৰচাৰত লিপ্ত হোৱাটো দৃষ্টি গোচৰ হৈছে। এইকথা ষড়যন্ত্ৰ মূলক আৰু ভিত্তিহীন। কিয়নো এই পৰ্যন্ত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি-সম্পাদকে পদত্যাগ কৰা নাই। গতিকে সাংসদ নৱ কুমাৰ শৰণীয়াই পদত্যাগ পত্ৰ গ্ৰহণ কৰা বুলি প্ৰচাৰ চলোৱাটোও গোকট মিছা। এনে অপ-প্ৰচাৰৰ বিৰত থাকিবলৈ তেওঁ সংশ্লিষ্ট সকলো পক্ষলৈ সকীয়াই দিয়ে। আনহাতে সমাগত বিধান সভা নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত ব্যক্তিকহে  ভোটদান কৰিবলৈ তেওঁ ৰাইজলৈ আহ্বান জনায়।

Leave A Reply