Breaking

প্ৰাক্তন খেলুৱৈ, প্ৰবীন ক্ৰীড়া সংগঠক দিলীপ মেধি সম্পৰ্কে দুআষাৰ…

0 12

ক্ৰীড়া আৰু ক্ৰীড়া সংগঠক এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। এটাক বাদ দি আনটোৰ কথা ভাবিবই নোৱাৰি। তেনে এজন ক্ৰীড়া সংগঠক, নলবাৰী সমাজ জীৱনৰ লগত অতহপ্ৰতহ ভাৱে জড়িত থকা দিলীপ মেধিৰ জন্ম হৈছিল ১৯৫৭ চনত বাহজানীত। দেউতাকৰ নাম আছিল নিত্যানন্দ মেধি আৰু মাকৰ নাম আছিল কিৰণময়ী মেধি। সৰুৰে পৰাই তেওঁৰ ক্ৰীড়াৰ প্ৰতি আছিল এক বিশেষ দুৰ্বলতা। সেই সময়ত তেওঁ বিশিষ্ট ক্ৰীড়া সংগঠক আব্দুল গফ্ফাৰ উজ জামানৰ তত্বাৱধানত ইউনাইটেড ক্ৰিকেট ক্লাৱৰ হৈ ক্ৰিকেট খেলাৰ উপৰিও পিছলৈ স্পোটিং ইউনিয়নৰ হৈ ক্ৰিকেট আৰু ফুটবল খেলি আন্তঃজিলা প্ৰতিযোগিতাত ফুটবল আৰু ক্ৰিকেটত কেইবাবাৰো নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। সেই সময়ত অসম ক্ৰিকেট সন্হাৰ ক্ৰিকেট প্ৰশিক্ষক বাদল ঠাকুৰীয়া আৰু ফুটবলত চৌহান সিং চাউলাক প্ৰশিক্ষক হিচাপে পোৱাৰ কথা তেওঁ স্মৰণ কৰে। পিছলৈ অসমত তেওঁ ক্ৰীড়া সংগঠক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। নলবাৰী ক্ৰীড়া সন্হাৰ দুই বছৰ ক্ৰিকেট সম্পাদক, এবছৰ হকী সম্পাদক আৰু প্ৰায় বাৰ বছৰ ধৰি ফুটবল সম্পাদক হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে।

ইয়াৰ সুবাদতে তেওঁ অসম ফুটবল সন্থাৰ প্ৰায় বাৰ বছৰ ধৰি সহকাৰী সম্পাদক হিচাপে কাম কৰাৰ সুবিধা লাভ কৰে। অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক হিচাপে তেওঁ অসমৰ বিভিন্ন জিলাত গৈ ফুটবল খেলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যপন্থা হাতত লোৱা বুলি জানিব পৰা গৈছে। সেই সময়ত নলবাৰী ক্ৰীড়া সন্হাৰ ক্ৰিকেট ক্লাৱৰ সংখ্যা কম হৈ থকাত আব্দুল গফ্ফাৰ উজ জামানৰ আহ্বান মৰ্মে তেওঁ ১৯৭৫ চনত নৱাৰুণ ক্লাৱৰ জন্ম দি ক্লাৱটোৰ প্ৰতিস্থাপক সভাপতি মৃগেন দাস আৰু সম্পাদকৰ দায়িত্ব তেওঁ নিজেই পালন কৰিছিল। জন্ম লগ্নৰে পৰাই এই ক্লাৱটোৰ জড়িয়তে ক্ৰিকেট, এথলেটিকছ, ফুটবল, ভলীবল ইত্যাদি খেলৰ উপৰত গুৰুত্ব দি বিভিন্ন পৰ্যায়ৰ খেলুৱৈ সৃষ্টিত অৰিহনা যোগাই আহিছে। নলবাৰী ক্ৰীড়া সন্হাৰ ফুটবল, ভলীবল লীগত নৱাৰুণ ক্লাৱে অংশগ্ৰহণ কৰি চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰি আহিছে। নৱাৰুণ ক্লাৱৰ ছহীদ স্মৃতি ক্ৰিকেট টুৰ্নামেণ্টত অসমৰ এখন আগশাৰীৰ ক্ৰিকেট টুৰ্নামেণ্টত। বিগত ৩৭ বছৰে এই প্ৰতিযোগিতা নলবাৰী মহাবিদ্যালয় খেলপথাৰত সফলতাৰে সম্পন্ন হৈছে। ২০২৫ বৰ্ষত নৱাৰুণ ক্লাৱে সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিব। বৰ্তমান ক্লাৱটোৰ সভাপতি দিলীপ মেধি আৰু সম্পাদক সত্যেন শৰ্মা। এটা ক্লাৱ বা সংঘই বিগত ৫০ বছৰ ধৰি ক্ৰীড়া কৰ্ম কৰি থকাটো বৰ সহজ কথা নহয় কিন্তু ইয়াকে সহজ কৰি দেখাইছে নৱাৰুণ ক্লাৱে। এই ক্ষেত্ৰত ক্লাৱটোৰ সভাপতি হিচাপে দিলীপ মেধিয়ে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা পৰিলক্ষিত হৈছে। ১৯৮৪ চনত তেওঁ স্বাস্থ্য বিভাগত চাকৰিত যোগদান কৰি ২০১৭ চনত অৱসৰ গ্ৰহণ কৰে। তেওঁ আন্তঃ জিলা ভেটাৰ্ণ এথলেটিকছত নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি কেইবাবাৰো মেডেল আজুৰি আনিবলৈ সক্ষম হৈছে। তেওঁৰ নলবাৰী মহাবিদ্যালয়ৰ নিচেই ওচৰতে ঘৰ হোৱা হেতুকে নিতৌ পুৱা গধুলি অনুশীলন কৰাৰ সুবিধা পাইছিল।

বিগত কিছু বছৰ অৱশ্যে খেলপথাৰখন খেলৰ উপযোগী হৈ নথকাত কিছু সমস্যাৰ সৃষ্টি হৈছিল যদিও বৰ্তমান কলেজ কৰ্ত্তৃপক্ষৰ লগতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত খেলপথাৰখনৰ কাম সম্পূৰ্ণ হোৱাত তেওঁ আটায়েকে ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে। খেলুৱৈ তথা ক্ৰীড়া সংগঠক হিচাপে তেওঁ নলবাৰীৰ বিভিন্ন ব্যক্তিৰ সহায়-সহযোগিতা, পৰামৰ্শৰ বাবে আন্তৰিকতাৰে শলাগ জনাই বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰয়াত মকিবৰ হুছেইন, মফিজউদ্দিন আহমেদ, ত্ৰিকেন দাস, আব্দুল গফ্ফাৰ উজ জামান আদি। নলবাৰীৰ ক্ৰীড়া সন্থাক লৈ তেওঁ যথেষ্ট আশাবাদী। ক্ৰীড়া সন্হাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত নলবাৰীৰ সকলো ক্ৰীড়া একেটা ছাতিৰ তলত কাম কৰি থকা পৰিলক্ষিত হৈছে। গ্ৰাম্যাঞ্চলৰ বিভিন্ন ক্লাৱ-সংঘক স্বীকৃতি প্ৰদান কৰি তেওঁলোকৰ মাজত এক ক্ৰীড়াৰ পৰিবেশ সৃষ্টি কৰি নলবাৰী ক্ৰীড়াক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে। ইতিমধ্যে কিছু পৰিমাণে সফল হোৱাও দেখা গৈছে। এনেদৰে কাম কৰি গৈ থাকিলে আন্তঃ জিলা, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নলবাৰী খেলুৱৈয়ে উন্নত প্ৰদৰ্শন ডাঙি ধৰি সফলতা লাভ কৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী।

Leave A Reply