Breaking

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…

0 13

অসমৰ ভলীবল জগতত নলবাৰীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ তথা খেল পৰিচালক দিলীপ শৰ্মা এজন অতি সূপৰিচিত চিনাকী নাম। ৰাজ্য আৰু জিলাৰ ভলীবলত দিলীপ শৰ্মাৰ অৱদান অনস্বীকায্য। নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম চামতাত ১৯৯৫ চনত দিলীপ শৰ্মাৰ জন্ম হৈছিল। দেউতাকৰ নাম দীনেশ শৰ্মা আৰু মাকৰ নাম ভাৰতী দেৱী। সৰুৰে পৰাই ঘৰখনতে তেওঁ এক ক্ৰীড়াৰ পৰিবেশ পাই আহিছিল। দিলীপ শৰ্মাৰ লগতে তেওঁৰ নিজৰ ভায়েক প্ৰদীপ শৰ্মা, মনোজ শৰ্মা, নীৰেন শৰ্মা আৰু প্ৰণৱ শৰ্মা আটাইকেইজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ।গতিকে নলবাৰীৰ ভলীবল বুলি ক’লে এটা সময়ত পশ্চিম চামতাৰ দিলীপ শৰ্মাৰ পৰিয়ালটোৰ কথা সকলোৰে মুখে মুখে আছিল। ইয়াৰ উপৰিও পশ্চিম চামতা অঞ্চলটোত কেইবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈৰ জন্ম হৈ নলবাৰী জিলাৰ ভলীবলক চহকী কৰি তুলিছিল। ১৯৮০ চনৰ পৰা ১৯৮৫ চনলৈ দিলীপ শৰ্মাই আন্তঃ জিলা চিনিয়ৰ ভলীবল প্ৰতিযোগিতাত নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰে।

১৯৮৬ চনত তেওঁ অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় অসামৰিক সেৱাৰ ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত ১৯৮৮ চনত বেঙ্গলোৰত, ১৯৯১ চনত তিৰুবন্তপুৰমত আৰু ১৯৯২ চনত কেৰেলাত সৰ্বভাৰতীয় অসামৰিক সেৱাৰ ভলীবল প্ৰতিযোগিতাত অসম দলৰ জাৰ্ছী পিন্ধাৰ গৌৰৱ অৰ্জন কৰে। ১৯৮৫ চনত উত্তৰপ্ৰদেৰ কানপুৰত অনুষ্ঠিত হোৱা চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। ১৯৮৫ চনত অন্ধ্ৰপ্ৰদেশৰ হাইদৰাবাদত অনুষ্ঠিত হোৱা এ এছ টি চি ভলীবল মিটত অসম দলৰ হৈ অংশগ্ৰহণ কৰে। ১৯৮১ চনত দিলীপ শৰ্মাই নলবাৰী মহাবিদ্যালয়ৰ পৰা ক’লা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৫ চনত তেওঁ পৰিবহন নিগমত কৰ্ম জীৱনৰ পাতনি মেলে। খেলৰ প্ৰতি থকা প্ৰৱল ইচ্ছা শক্তিৰ বাবে তেওঁ পুনৰ ১৯৮৭-৮৮ বৰ্ষত অমাৰাৱতীত সুখ্যাতিৰে বি পি এড ডিগ্ৰী লাভ কৰি ১৯৮৮ চনত শোলমাৰা হাইস্কুলত শাৰিৰীক শিক্ষা নিৰ্দেশক হিচাপে যোগদান কৰে। ইয়াৰ পিছত তেওঁ ১৯৯১ চনৰ পৰা চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বদলি হৈ আহি ২০১৯ চনত উক্ত বিদ্যালয়তে চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰে। চাকৰি জীৱনৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিলেও ভলীবলৰ পৰা আজিও তেওঁ অৱসৰ গ্ৰহণ কৰিব পৰা নাই। এতিয়াও তেওঁ নলবাৰী জিলাৰ বিভিন্ন অঞ্চলৰ খেলপথাৰত গৈ খেলুৱৈৰ সৃষ্টিত অৰিহনা যোগাই আহিছে। ১৯৯৮ৰ পৰা আজিলৈ তেওঁ অসম ভলীবল সন্হাৰ খেলুৱৈ নিৰ্বাচনৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত কেইবাবাৰো অসম দলৰ প্ৰশিক্ষক আৰু মেনেজাৰৰ দায়িত্ব পালন কৰিছে। ৰাজ্যিক ভলীবল ৰেফাৰী হিচাপেও অসমত তেওঁৰ এক সুকীয়া পৰিচয় আছে। অসমৰ ভলীবল জগতলৈ সেৱা আগবঢ়োৱাৰ বাবে ২০২০-২১ চনত অসম চৰকাৰে দিলীপ শৰ্মাক ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ হিচাপে নিৰ্বাচিত কৰিছিল।

৮০ৰ দশকত দিলীপ শৰ্মাৰ দলে অসমত ভলীবলৰ জড়িয়তে যথেষ্ট বুৎপত্বি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ লগত একেলগে খেলা খেলুৱৈ সকলৰ ভিতৰত আছিল—-উৎপল ডেকা, নিৰোদ চৌধুৰী, কৰুণা বৰ্মন, জগদীশ দত্ত, মনোৰঞ্জন দত্ত, খগেন দত্ত, তীৰ্থ বৰ্মন, মোহন বৰ্মন, অনিল দত্ত, বলেন বৰুৱা, অনিল সাউদ, প্ৰদীপ শৰ্মা, উমেশ বৰ্মন, বিৰাজ বৰুৱা, প্ৰণৱ দত্ত, অৱনী শৰ্মা, বিকাশ ভট্টাচাৰ্য, নৱ মজুমদাৰ, নৃপেন মজুমদাৰ, হেমেন মজুমদাৰ আদি বিশিষ্ট খেলুৱৈ সকল। দিলীপ শৰ্মাই চামতা প্ৰগতি সংঘৰ হৈ যথেষ্ট ভলীবল খেলিছিল। চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ হৈ তেওঁ নলবাৰী ক্ৰীড়া সন্হাৰ ভলীবল লীগত অংশগ্ৰহণ কৰি আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। এওঁলোকে অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে প্ৰশিক্ষণ পাবলৈ সক্ষম হোৱা নাছিল। পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা নাছিল। কিন্তু ভলীবলৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধা আৰু ভক্তিৰ বাবে এওঁলোকে খেল বিধক দেখি দেখিয়েই স্কীল সমূহ আয়ত্ব কৰিব পাৰিছিল। এওঁলোকৰ খেল মানেই লোকে লোকাৰেণ্য হৈ পৰিছিল খেলপথাৰ। বীৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছিল। এখন কাঠৰ শ্বীল্ডৰ বাবে দুই তিনিদিন ধৰি চলিছিল অঘোষিত যুদ্ধ। কিন্তু এতিয়া আৰু সেইদিন নাই। সময়ৰ লগে লগে খেলৰ বহুত পৰিবৰ্তন আহিল। এতিয়া সকলো সা-সুবিধা থাকিও খেলুৱৈ সকলে খেলিবলৈ আগ্ৰহ প্ৰকাশ নকৰা হৈছে। ইয়াৰ প্ৰধান কাৰণ হৈছে খেলখেলি জীৱন জীবিকাৰ পথ পাবলৈ সক্ষম নহ’লে কি আশা কৰি খেলুৱৈ সকলে খেল খেলি থাকিব? এই লৈ এতিয়া সৰ্বত্ৰতে চৰ্চা আৰম্ভ হৈছে।

Leave A Reply