Breaking

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ টীয়কৰ এটা অঞ্চল…

0 1,105

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং চিন্তামণিগড় গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঔগুৰী নেপালী গাওঁৰ ৰাইজে যাতায়তৰ সমস্যা আৰু  বিশুদ্ধ খোৱা পানীৰ অভাৱত জীয়াতু ভোগীব লগা হৈছে। ৰাইজৰ অভিযোগ অনুসৰি স্বাধীনতাৰ ৭৪ বছৰৰ পাছতো এখন দলং আৰু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে গাওঁ খনৰ প্ৰায় তিনিশ টা পৰিয়ালে হাহাকাৰ কৰিব লগা হৈছে। উপায়ন্তৰ হৈ গাওঁ বাসীয়ে জাঁজী নদীৰ দুষিত পানী খাই জীয়াই থাকিব লগীয়া হৈছে।মৰা পশুধন উটুৱাই দিয়াৰ লগতে বিভিন্ন সময়ত মাছ ধৰিবৰ কাৰণে একাংশ দুষ্কৃতিকাৰীয়ে নৈ খনৰ পানীত বিষাক্ত ঔষধ চতিয়াই দুষিত কৰা পানী খাই বিগত দিনত গাওঁখনৰ ছাত্ৰ ছাত্ৰীৰ লগতে বহু কন কন শিশু গুৰুত্বৰ  ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’ব লগা হৈছে।

এই সমস্যা সমূ্হৰ বিষয়ে বহুবাৰ চৰকাৰী বিষয়ববীয়া সকলৰ ওচৰত ৰাইজে অভিযোগ দিয়াৰ পাছতো আজি পৰ্যন্ত কোনো ধৰণৰ সুফল পোৱা নাই বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। উল্লেখ্য যে ‘অসম মালা’আঁচনিৰ অধীনত দলংখন নিৰ্মাণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে ‘ঘৰে ঘৰে নল ঘৰে ঘৰে জল’আপ্ত বাক্যষাৰী আওৰাই ৰাজ্য চৰকাৰে ৰূপায়ন কৰিবলৈ লোৱা জলজীৱন আঁচনিৰ জৰিয়তে পানী যোগানৰ সু-ব্যৱস্থা কৰিবলৈ আহ্বান জনায় অহাৰ পাছতো গাওঁ খন সামৰি নোলোৱাত ক্ষুন্ন হৈ পৰিছে ৰাইজ। কাজেই আজি গাওঁ খনৰ বাসিন্দাই সাংবাদিকক মাতি আনি সংবাদ মাধ্যমৰ জৰিয়তে জলন্ত সমস্যা সমূহ চৰকাৰৰ দৃষ্টি গোচৰ কৰিবলৈ অনুৰোধ জনাই।উক্ত স্হানত উপস্থিত হৈ গাওঁবাসীৰ  সমস্যা সমূহ সবিস্তাৰে প্ৰকাশ কৰাত সংবাদ মাধ্যমক ধন্যবাদ জনাইছে ভোক্তভোগী ৰাইজে।

Leave A Reply