Breaking

বাগিছাত অঘটন ! চাহ বাগিছাত গেচ পাইপৰ বিস্ফোৰণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত শিশু শ্ৰমিক মদন পাটৰ…

0 87

মৰিয়নিৰ চেলেং চাহ বাগিছাত অঘটন। ফেক্ট্ৰৰিত কাম কৰি থকা অৱস্থাত গেচ পাইপৰ বিস্ফোৰণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত শিশু শ্ৰমিক মদন পাটৰ। ঘটনাক গাপ দিয়াৰ অপচেষ্টা বাগিচা কৰ্তিপক্ষৰ। এই ঘটনাৰ পাছতো নৱম শ্ৰেণীৰ আন ছাত্ৰক নিয়োগ কৰি ৰাখিছে বাগিচা কৰ্তিপক্ষই।

লেপেটকতাৰ মইনা নায়কৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতে মৰিয়নিৰ চেলেং চাহ বাগিছাত এক অনুৰূপ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। চেলেং চাহ বাগিছাৰ ফেক্ট্ৰৰিত কাম কৰি থকা অৱস্থাত গেচ পাইপ বিস্ফোৰণ হোৱাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত শিশু শ্ৰমিক মদন পাটৰ।
বাও ভৰিত গুৰুতৰ বাৱে আঘাত পোৱাৰ বাৱে চিকিৎসকে ৩২ টাকৈ চিলাই কৰিব লগা হয়। বাগিছা কৰ্তিপক্ষই প্ৰাথমিক চিকিৎসা প্ৰদান কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ পৰিয়ালৰ।


গুৰুতৰভাৱে আঘাত পোৱা চেলেং চাহ বাগিচাৰ ৪ নম্বৰ লাইনৰ মদন পাটৰ আছিল মাত্ৰ ১৭ বছৰীয়া শিশু শ্ৰমিকে।
কিন্ত এই ঘটনাৰ পিচত চেলেং চাহ বাগিছাৰ কৰ্তি পক্ষই সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰে। শিশু শ্ৰমিক মদন পাটৰে ৩ মাহ পূৰ্বে চেলেং বাগিছাৰ ফেক্ট্ৰৰিত কয়লাৰ গেছ পাইপৰ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল । এই ঘটনা সংঘটিত হোৱাৰ পাছতো কিন্তু বৰ্তমানেও শিশু শ্ৰমিক নিয়োগ কৰি ৰখা দেখা গৈছে। কোনো ধৰণৰ পৰ্যাপ্ত নিৰাপদ নোহোৱাকৈ কেনেকৈ নৱম শ্ৰেণীৰ ছাত্ৰক ফেক্ট্ৰৰিৰ ৱৰ্ক চপট কাম কৰোৱাই আছে।

Leave A Reply