Breaking

ৰাইচিৰ মৃত্যুৰ আঁৰত দুৰ্ঘটনা নে ষড়যন্ত্ৰ! ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবাৰক অন্তৰ্ৱতীকালী ৰাষ্ট্ৰপতি হিচাবে নিয়োগ…

0 25

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ঘটিছে ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ। দেওবাৰৰ পৰা পৰা ৰাইচিৰ হেলিকপ্টাৰ সন্ধানহীন হৈ থকাৰ পিছত সোমবাৰে ইৰানৰ চৰকাৰে ৰাইচিৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু মৃত্যু ঘটা বুলি প্ৰকাশ কৰিছে। ৰাইচিৰ হেলিকপ্টাৰখনে দেওবাৰে নিশা এখন পাহাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। দেওবাৰেই ৰাইচিৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছিল। সোমবাৰে পুৱা সেই সেই আশংকা সঁচা হ’ল। ফলস্বৰূপে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছিল ৰাইচিৰ পিছত কোনে ইৰানৰ ৰাষ্ট্ৰপতিৰ আসনত বহিব? নিৰ্বাচন কেনেদৰে অনুষ্ঠিত হ’ব? দেওবাৰে দুৰ্ঘটনাটোৰ বাতৰি ৰাজহুৱা হোৱাৰ লগে লগে এ বুলি চৰ্চা আৰম্ভ হৈছিল যে যদি ৰাইচিৰ মৃত্যু হয়, ইৰানৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব?

ইয়াৰ মাজতে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খোমেইনীয়ে ইছলামিক দেশখনৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবাৰক অন্তৰ্ৱতীকালী ৰাষ্ট্ৰপতি হিচাবে নিয়োগ কৰিছে। ৰাইচিৰ মৃত্যু ঘটাৰ পিছত মুখবাৰেই বৰ্তমান অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব। অৱশ্যে, মুখবাৰে পূৰ্ণ-সময়ৰ ৰাষ্ট্ৰপতিৰ আসনত বহিবলৈ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। ইৰানৰ সংবিধানৰ অনুচ্ছেদ ১৩১ অনুসৰি যদি ৰাষ্ট্ৰপতিৰ মৃত্যু হয় তেন্তে প্ৰথম উপ ৰাষ্ট্ৰপতিয়ে অস্থায়ীভাৱে এই পদগ্ৰহণ কৰিব। তাৰ পিছত নতুন ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া অহা ৫০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। মুখবাৰ খোমেইনিৰ অতি ঘনিষ্ঠ বুলি জনা যায়। ৰাইচিৰ সৈতেও মুখবাৰৰ ভাল সম্পৰ্ক আছিল। ফলস্বৰূপে ২০২৫ চনত ইৰাণত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিছিল।

কিন্তু ৰাইচিৰ আকস্মিক মৃত্যুৱে নিৰ্বাচন আগুৱাই আনিলে। ইব্ৰাহিম ৰাইচি ২০২১ চনত বৃহৎ ভোটৰ ব্যৱধানত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। তেওঁ তেতিয়াৰ ৰাষ্ট্ৰপতি হাছান ৰুহানিক পৰাস্ত কৰিছিল। এজন কঠোৰপন্থী হিচাপে ৰাইচি পৰিচিত আছিল। এটা সময়ত আমেৰিকাই মানৱ অধিকাৰ উলংঘনৰ বাবে ৰাইচিৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশবোৰে ৰাইচিক সদায় সমালোচনা কৰি আহিছে। তেওঁৰ চৰকাৰৰ কাৰ্যকালতে ২০২২ চনত ইৰানত হিজাব বিতৰ্কই ভয়াৱহ ৰূপ লৈছিল। সমগ্ৰ দেশ উত্তেজিত হৈ পৰিছিল। ইফালে, শেহতীয়া বছৰবোৰত ইজৰাইলৰ সৈতে ইৰানৰ সংঘাত তীব্ৰতৰ হৈছে। ফলস্বৰূপে ৰাইচিৰ মৃত্যুৱে আন্তৰ্জাতিক সম্প্ৰদায়ত নানান জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। প্ৰশ্নটো হ’ল ৰাইচিৰ মৃত্যু সঁচাকৈয়ে এটা দুৰ্ঘটনা আছিল নে ইয়াৰ আঁৰত কোনো ষড়যন্ত্ৰ আছে?

Leave A Reply