Breaking

দুৰ্ঘটনা নে হত্যা! ধুবুৰী জিলাৰ বালাজানৰ ৰাজপথত অচিনাক্ত কিশোৰীৰ মৃত দেহ উদ্বাৰ

0 136

গৌৰীপুৰ দুমৰদহ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য৷

কান্ধত এটা বেগ লৈ ৰক্তাক্ত অৱস্থাত কিশোৰী গৰাকীক ৰাইজে প্ৰত্যক্ষ কৰি বালাজান আৰক্ষী চকীত খবৰ দিয়ে।

বালাজান আৰক্ষীয়ে ইতিমধ্যে ঘটনা স্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

কিশোৰী জনীৰ মৃত্যুৰ কাৰন এতিয়াও জানিব পৰা হোৱা নাই ৷

এয়া দুৰ্ঘটনা নে আত্মহত্যা সেয়া ৰহস্যজনক ৷

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাৱে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

Leave A Reply