Breaking

দলগাঁও ৰাজহ চক্ৰত ভূমি কেলেংকৰী, ভুৱা নামজাৰী কৰি মাটি বেদখল কৰাৰ অভিযোগ….

0 47

দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ শ্যামাবাৰী মৌজাৰ অধীনস্থ তথা মঙলদৈ সমষ্টিৰ অন্তৰ্গত ১নং গা ধোৱা চাপৰি গাঁৱত সংঘটিত হৈছে ভূমি কেলেংকাৰীৰ ঘটনা। অভিযোগ মতে  ১নং গা ধোৱা চাপৰি গাঁৱৰ মৃত জানিপ উদ্দিন দেৱানীৰ নামত থকা মাটি উত্তৰাধিকাৰী সুত্ৰে পুত্ৰ চাদেক আলী, আলাউদ্দিন আৰু জামাল সেখৰ নামত নামজাৰী হয়।

যোৱা ইংৰাজী ২৯ -৯ -২০২০ তাৰিখে ১৭২ আৰু ২৪০ নং দাগৰ ১৫ বিঘা ১৫ লেছা মাটি দলগাওঁ ৰাজহ চক্ৰৰ লাট মণ্ডল আৰু কাননগোৱে জামাল সেখক মাটিৰ চাৰিসীমা বুজাই দিয়ে। জামাল সেখৰ নামত আৰু দখলত থকা মাটি চাদেক আলীৰ পুত্ৰ মোছা আলীয়ে দলগাওঁ ৰাজহ চক্ৰৰ লাট মণ্ডল ৰাজদীপ হাফলংৰ লগত চক্ৰান্ত কৰি ভুৱা নামজাৰী কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে মৃত জানিপ উদ্দিনৰ পুত্ৰ চাদেক আলী, আলাউদ্দিন, জামাল সেখ  আৰু চাদেক আলীৰ পুত্ৰ আজাদ আলী, আব্দুল জুব্বাৰ, মোছা আলী, নৌশাদ আলী, আব্দুল আউৱাল আৰু ৰফিকুল ইছলাম  ১৪ নং ম্যাদী পট্ৰাৰ ১৭২, ২৪০ নং দাগ আৰু ১৫ নং ম্যাদী পট্ৰাৰ ২৪২ নং দাগে এজমালী পট্ৰা। উক্ত পট্ৰা ও দাগৰ পৰা চক্ৰান্ত কৰি চাদেক আলীৰ পুত্ৰ মোছা আলীয়ে অংশতকৈ বেছি মাটি নিজৰ নামত  বাটোৱাৰা কৰে।  মোছা আলীয়ে জামাল সেখৰ মাটি ভুৱা নামজাৰী কৰি বলপূৰ্বক ভাৱে মাটিত হাল মাৰে।

এই সন্দৰ্ভত দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰি  সঠিক তদন্তৰ জৰিয়তে ভুৱা নামজাৰী কৰ্তন কৰি মাটি খিনি চমজাই দিবলৈ চক্ৰ বিষয়াৰ ওচৰত  অনুৰোধ জনাইছে জামাল সেখৰ পৰিয়ালে।

Leave A Reply