Breaking

ৰাজেন গোহাঁইৰ বিৰুদ্ধে এক্সন। তিনিদিনৰ ভিতৰত কোঠা খালি কৰাৰ নিৰ্দেশ…

0 76

দল তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুখ খুলি বিপদত প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই । বিগত ছয় বছৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি নগাঁও ক্ৰীড়া সন্হাৰ জিম বন্ধ কৰি নিজৰ নিৰাপত্তাৰক্ষীৰ আৱাসস্থলীলৈ পৰ্যবসিত কৰিছিল গোহাঁইয়ে। খেলুৱৈৰ শাৰীৰিক ব্যায়ামৰ কথা চিন্তা নকৰি জিমটো বন্ধ কৰাৰ বিৰুদ্ধে বহুবাৰ আপত্তি কৰিও বিফল হৈছিল ক্ৰীড়া সন্হা। শেহতীয়াকৈ নতুন কমিটিয়ে দায়িত্ব গ্ৰহন কৰাৰ পিছতেই কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছিল। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ বিৰুদ্ধে মুখ খুলি বিপদত পৰে গোহাঁই। দলৰ মজিয়াত এলাগী হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেবাটাও অভিযোগ ৰাজহুৱা কৰিছিল গোহাঁইয়ে।

পিছে বাটৰ কচু গাত ঘঁহি লোৱাৰ লেখিয়া হ’ল গোহাঁইৰ অবস্হা। নগাঁও ক্ৰীড়া সন্হাই তিনিদিনৰ ভিতৰত জিমৰ কোঠা খালি কৰি দিবলৈ কঠোৰ নিৰ্দেশ দিছে ৰাজেন গোহাঁইক। উল্লেখযোগ্য যে বাবুল বাৰ্মিৰ নামত উৎসৰ্গিত জিমটো অত্যাধুনিক ৰূপত সজাই তোলা হৈছিল স্থানীয় খেলুৱৈ সকলৰ স্বাৰ্থত। কিন্তু বিগত ছয় বছৰ খেলুৱৈ সকল শাৰীৰিক ব্যায়ামৰ পৰা বঞ্চিত কৰি নিজৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰি আহিছিল ৰাজেন গোহাঁইয়ে। কোঠাটোৰ সামগ্ৰী আতৰাই নিজৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ আৱাস হিচাপে দীৰ্ঘদিন ব্যৱহাৰ কৰি অহাৰ পিছত জিমটো পুনৰ পূৰ্বৰ ৰূপত উভতি অহাৰ আশা প্ৰকাশ কৰিছে খেলুৱৈ তথা স্থানীয় ৰাইজে।

Leave A Reply