নিৰ্বাচনত ধন, সুৰাৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে ধুবুৰীত সক্ৰিয় ফ্লায়িং স্কোৱাৰ্ড

ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিত নিৰ্বাচন নিকা আৰু স্বচ্ছ ভাৱে অনুষ্ঠিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ধুবুৰী জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই৷ নিৰ্বাচনত ধনৰ লেনদেন, সুৰা আদিৰে ভোটাৰক প্ৰলোভিত কৰা, ভোটাকৰ ভয় দেখুৱাই সমৰ্থন আদায় কৰা ঘটনাত অহৰ্নিশে চকু ৰখাৰ বাবে গঠন কৰা হৈছে ৯ টা ফ্লায়িং স্কোৱাৰ্ড আৰু ৯ টা ষ্টেটিক ছাৰ্ভিলেন্স দল৷ ধুবুৰী নিৰ্বাচন জিলাৰ প্ৰতিটো সমষ্টিৰ বাবে তিনিটাকৈ এনে দল গঠন কৰা হৈছে৷ তেওঁলোক ইতিমধ্যে কাৰ্যক্ষেত্ৰত নামি পৰিছে৷ আনপিনে কোনো দল বা প্ৰাৰ্থীয়ে যাতে বেনামী পোষ্টাৰ আদি ছপা কৰি নিৰ্বাচন প্ৰক্ৰিয়াটোৰ স্বচ্ছতাত বাধা দিব নোৱাৰে তাৰ বাবে ধুবুৰীৰ সকলো ছপাশালক প্ৰকাশক আৰু প্ৰিন্টাৰৰ নাম-ঠিকনা নোহোৱাকৈ কোনো নিৰ্বাচনী পোষ্টাৰ, পুষ্টিকা আদি ছপা নকৰিবলৈ নিৰ্দেশ দিছে জিলা নিৰ্বাচন বিষয়াই৷ ছপা কৰা সামগ্ৰীৰ নমুনা তিনিদিনৰ ভিতৰত নিৰ্বাচন শাখাত জমা দিবলৈ কোৱা হৈছে৷ অন্যথা জনপ্ৰতিনিধি আইনৰ ১২৭(ক) ধাৰা ভংগ কৰা বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জিলা নিৰ্বাচন বিষয়াই উল্লেখ কৰিছে৷ আনহাতে নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰশিক্ষণ কাৰ্যও  অব্যাহত আছে৷ আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনৰ কামত নিয়োজিত হোৱা কেবাটাও কোষৰ সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালুকদাৰ আৰু অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে৷

Related Articles