Breaking

ঈদৰ দিনা পাপাৰাজীৰ মাজত মিঠাই বিতৰণ অভিনেতা আমিৰ খানৰ…

0 19

আজি ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ ঈদ। আজি পৱিত্ৰ ঈদৰ দিনটোত বলিউদৰ ছুপাৰষ্টাৰ অবিনেতা আমিৰ খানক পুত্ৰৰ সৈতে ঈদ উদযাপন কৰা দেখা গৈছে। ঈদ উপলক্ষে জ্যেষ্ঠ পুত্ৰ জুনেইদ খান আৰু কনিষ্ঠ পুত্ৰ আজাদৰ সৈতে দেখা গৈছে আমিৰ খানক। তিনিওজন পিতৃ-পুত্ৰই পিন্ধিছে মেচিং বগা কুৰ্তা।

আনহাতে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে সকলো পাপাৰাজীক কাজুৰ মিঠাই বিতৰণ কৰি ঈদ মুবাৰকৰ শুভেচ্ছা জনায়। তেওঁৰ সৈতে লগত থাকে দুই পুত্ৰ।


আমিৰ খানৰ প্ৰথম পত্নী ৰীনা দত্তৰ দুটা সন্তান আছিল। জুনাইদ আৰু আইৰা খান। আমিৰ খানে দ্বিতীয়বাৰৰ বাবে কিৰণ ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ সৈতে আচে এটি পুত্ৰ আজাদ।


আচলতে আমিৰ খানৰ কন্যা আইৰা খানৰ বিয়াৰ পিছত এয়া প্ৰথম ঈদ। ঈদ উপলক্ষে তেওঁক পিতৃৰ সৈতে দেখা যাব নে নহয় সেয়া স্পষ্ট হোৱা নাই। বৰ্তমান অনুৰাগীসকলে তেওঁলোকৰ ফটোৰ বাবে অপেক্ষা কৰি আছে।


Leave A Reply