Breaking

কন্য়া বিয়াৰ বিদায় ক্ষণত আৱেগিক ৰূপত অভিনেতা আমিৰ খান…

0 61

কন্যা আয়ৰাৰ বিয়াত আমিৰ খান আৱেগিক হৈ পৰিছিল। অভিনেতাগৰাকীক কেইবাবাৰো চকুলো মচি থকা দেখা গৈছিল। ইয়াৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আমিৰ খানৰ মৰমৰ কন্যা ইৰা খানৰ দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে আদালতৰ বিবাহ আৰু তাৰ পিছত উদয়পুৰত গ্ৰেণ্ড খ্ৰীষ্টান বিবাহ। এতিয়া আমিৰ খানৰ কন্যা ৰাণীৰ গ্ৰেণ্ড ৱেডিঙৰ ভিতৰৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এটা ভিডিঅ’ত আমিৰ খানক কন্যাৰ বিয়াত অতি আৱেগিক দেখা গৈছে। মঞ্চত যেতিয়া আয়ৰা আৰু নুপুৰৰ খ্ৰীষ্টান বিবাহ অনুষ্ঠান চলি আছিল, তেতিয়া আমিৰ খানে চকুপানী মচি থকা দেখা গৈছিল। ভাইৰেল হোৱা আন এটা ভিডিঅ’ত অভিনেতাগৰাকীয়ে প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে কইনা কন্যা আয়ৰাৰ বাহুত ধৰি বিয়াৰ বাবে লৈ যোৱা দেখা গৈছে। এই সময়ছোৱাত অভিনেতাগৰাকীয়ে পুনৰবাৰ চকুৰ পৰা চকুলো মচি থকা দেখা গ’ল।

৩ জানুৱাৰীত মুম্বাইত আয়ৰা খান আৰু নুপুৰ শিখাৰেৰ পঞ্জীয়নভুক্ত বিবাহ হৈছিল। তাৰপিছতে ১০ জানুৱাৰীত আয়ৰা আৰু নুপুৰৰ খ্ৰীষ্টান বিয়া অনুষ্ঠিত হয়। আনহাতে ১৩ জানুৱাৰীত আয়ৰা-নুপুৰৰ গ্ৰেণ্ড ৰিচেপচন।
খবৰ অনুসৰি অহা ১৩ জানুৱাৰীত আয়ৰা আৰু নুপুৰৰ গ্ৰেণ্ড ৰিচেপচন পাৰ্টি অনুষ্ঠিত হ’ব। আমিৰ খানে এই পাৰ্টিত বলীউডৰ সকলো বন্ধু-বান্ধৱী আৰু সহ অভিনেতাক নিমন্ত্ৰণ জনাইছে। কোৱা হৈছে যে আমিৰ খানৰ কন্যাৰ ৰিচেপচন পাৰ্টিত শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি ছলমান খানলৈকে সকলো তাৰকাই অংশগ্ৰহণ কৰিব পাৰিব।


Leave A Reply