Breaking

পিতৃৰ দ্বিতীয় বিবাহক লৈ প্ৰতিক্ৰিয়া অভিনেতা অৰ্জুন কাপুৰৰ! অৰ্জুন-মালাইকা প্ৰেমক লৈ ক্ষোভ ছলমান খানৰ। অৰ্জুনৰ জন্মদিনত বিচনাতে নাচিলে মালাইকা অৰোৰাই…

0 281

আজি বলিউদৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰৰ ওপজা দিন। আজি অভিনেতা অৰ্জুন কাপুৰে ৩৮ বছৰ সম্পূৰ্ণ কৰিলে। জন্মদিনত পিতৃ বনী কাপুৰৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু মলাইকা অৰোৰাৰ প্ৰেমক লৈ কিয় খং উঠিছিল ছলমান খানৰ এই সম্পৰ্কে আপোনালোকক জনাম। ১৯৮৫ চনৰ ২৬ জুনত বলীউডৰ অভিনেতা অৰ্জুন কাপুৰৰ জন্ম হৈছিল। আজি তেখেতৰ ৩৮ সংখ্যক জন্মদিন। ২০১২ চনত পৰিনীতি চোপ্ৰাৰ সৈতে ‘ইছহাকজাদে’ ছবিৰে বলীউডত ভৰি দিয়ে অৰ্জুন কাপুৰে। তেওঁৰ কেৰিয়াৰত এই পৰ্যন্ত প্ৰায় ২০ খন ছবি নিৰ্মাণ কৰিছে। অৱশ্যে তেওঁৰ পেছাদাৰী জীৱনতকৈ ব্যক্তিগত জীৱনৰ বিষয়ে অধিক আলোচনাত থাকে। অৰ্জুন ছবি প্ৰযোজক বনী কাপুৰ আৰু মোনা কাপুৰৰ পুত্ৰ। তেওঁৰ এগৰাকী কনিষ্ঠ ভগ্নীও আছে, নাম অংশুলা কাপুৰো। ১৯৮৩ চনত বনী কাপুৰে মোনাৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও বিবাহৰ কেইবছৰমানৰ পিছত শ্ৰীদেৱীৰ প্ৰেমত পৰে। ১৯৯৬ চনত বনি কাপুৰ আৰু শ্ৰীদেৱীৰ বিবাহ হয়। ইয়াৰ পিছত মোনা কাপুৰ ভাঙি পৰে। বনীৰ লগত তেওঁৰ সম্পৰ্ক অৱনতি ঘটিল আৰু অৰ্জুন-অংশুলাৰ হৃদয়খনো পিতৃৰ প্ৰতি খঙেৰে ভৰি পৰিল। অৰ্জুন আৰু অংশুলাৰ পিতৃৰ আনটো পৰিয়ালৰ লগত কোনো সম্পৰ্ক নাছিল। ২০১৮ চনত শ্ৰীদেৱীৰ মৃত্যুৰ পিছত অৰ্জুন পুনৰ পিতৃৰ ওচৰলৈ আহিছিল আৰু ঝনৱী কাপুৰ আৰু খুশী কাপুৰৰ সৈতেও তেওঁৰ সম্পৰ্ক উন্নত হৈছিল।

২০১২ চনত স্তন কেন্সাৰত আক্ৰান্ত হৈ অৰ্জুন কাপুৰৰ মাতৃ মোনাৰ মৃত্যু হয়। পুত্ৰৰ প্ৰথমখন ছবিও উপভোগ কৰিব নোৱাৰিলে তেওঁ । অৰ্জুন মাকৰ অতি ঘনিষ্ঠ আছিল আৰু আজিও মাকৰ জন্মদিনত তেওঁৰ ছবি ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰি তেওঁক মনত পেলাই। ২০১৮ চনত শ্ৰীদেৱীৰ মৃত্যুৰ সময়ত অৰ্জুন পিতৃৰ কাষত থিয় দিছিল। এই বিষয়ে কথা পাতি তেওঁ ফিল্ম কম্পেনিয়নক ক’লে- “মোৰ মাৰ লালন-পালন মোৰ মনলৈ আহে।” তেওঁ থকা হ’লে তেওঁ মোক এই কঠিন সময়ত দেউতাৰ কাষত থিয় হ’বলৈ ক’লেহেঁতেন। মা থকাৰ পিছতো মোৰ দেউতা আকৌ প্ৰেমত পৰিছিল। মোৰ দেউতাৰ এই সিদ্ধান্তক মই সন্মান কৰো কাৰণ প্ৰেম হ’ব পাৰে , প্ৰেম এবাৰহে হয় বুলি ক’লে মূৰ্খামি কৰা হ’ব।

আনহাতে যদি আমি অৰ্জুন আৰু মলাইকা অৰোৰাৰ প্ৰেমৰ কথা কওঁ, তেন্তে ২০১৬ চনত মলাইকাৰ বিবাহ বিচ্ছেদৰ পিছত তেওঁলোকৰ গোপন প্ৰেমৰ আলোচনা আৰম্ভ হ’ল। বহু বাতৰিত এই কথাও কোৱা হৈছিল যে বিবাহ বিচ্ছেদৰ পূৰ্বেও দুয়োৰে মাজত প্ৰেম আছিল। খবৰ অনুসৰি অৰ্জুনৰ বাবেই মলাইকা আৰু আৰবাজ খানৰ বিবাহ বিচ্ছেদ হৈছিল আৰু ইয়াৰ বাবেই ছলমান খানৰ অৰ্জুন আৰু মলাইকা দুয়োৰে ওপৰত খং উছিছিল। ২০১৭ চনত অনুষ্ঠিত হোৱা এৱাৰ্ড ফাংচনৰ পৰা এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত ছলমানে অৰ্জুনক আওকাণ কৰা দেখা গৈছিল। কেৱল এয়াই নহয়, সোণম কাপুৰৰ বিয়াতো দেখা গ’ল একেধৰণৰ দৃশ্য। আগতে অৰ্জুন আৰু ছলমানৰ মাজত গভীৰ বন্ধুত্ব আছিল। ছলমানেই অৰ্জুনক ওজন কমাবলৈ সহায় কৰিছিল যদিও পিছলৈ তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটে।

শেহতীয়াকৈ মলাইকা অৰোৰাৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে, য’ত মলাইকাই বিখ্যাত গীত চাইয়া চাইয়াত নৃত্য কৰিছে। মলাইকা অৰোৰাৰ প্ৰেমিক তথা অভিনেতা অৰ্জুন কাপুৰৰ জন্মদিনৰ পাৰ্টিত এই নৃত্য কৰিছিল। ভিডিঅ’টোত মলাইকাই বগা আৰু ৰঙা ৰঙৰ পোছাক পৰিহিত এজন ব্যক্তিৰ সৈতে নৃত্য উপভোগ কৰা দেখা গৈছে।


Leave A Reply