Breaking

নুহৰ সংঘৰ্ষৰ সন্দৰ্ভত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন অভিনেতা গোবিন্দ…

0 89

হাৰিয়ানাৰ নুহৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছে এক হিংসাত্মক পৰিস্থিতি। জাৰি কৰা হৈছে কাৰ্ফিউ। এই সংঘৰ্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমালোচনাৰ সন্মুখীন গোবিন্দ। কিন্তু এতিয়া অভিনেতাজনে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কৈছে যে তেওঁৰ একাউণ্ট হেক কৰা হৈছে। ইয়াৰ লগতে অভিনেতাজনে কয় যে তেওঁ চাইবাৰ অপৰাধত এই বিষয়ে অভিযোগ কৰিবলৈ ওলাইছে। গোবিন্দই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোৰ সৈতে কেপচনত লিখিছে- ‘টুইটটোৰ সন্দৰ্ভত মাত্ৰ এটা ফোন আহিল। আপোনালোক সকলোকে কব বিচাৰিছো যে মোৰ টুইটাৰ একাউণ্ট হেক কৰা হৈছে। মই সেইটো টুইট কৰা নাই। মোক নোসোধাকৈ তাই কোনো পোষ্টো নকৰে। চাইবাৰ অপৰাধত এই বিষয়ে অভিযোগ কৰিম।


সোমবাৰে নুহৰত ধৰ্মীয় তীৰ্থযাত্ৰাৰ সময়ত শিলগুটি নিক্ষেপ কৰাৰ লগতে গাড়ী জ্বলাই দিয়াৰ পিছতে কেইবাঠাইতো হিংসাত্মক ঘটনা সংঘটিত হয়। সাম্প্ৰদায়িক উত্তেজনা আৰু জনশান্তি বিঘ্নিত হোৱাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে বিয়লি ৪ বজাৰ পৰা নুহ জিলাত আৰু পিছলৈ আন কোনো কোনো ঠাইত ২ আগষ্টলৈকে মোবাইল ইণ্টাৰনেট আৰু এছএমএছ সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছিল। কিন্তু এতিয়া ৫ আগষ্টলৈ বৃদ্ধিৰ নিৰ্দেশ বুধবাৰে সন্ধিয়া অতিৰিক্ত মুখ্য সচিব (গৃহ) টিভিএছএন প্ৰসাদে জাৰি কৰে।

Leave A Reply