Breaking

অভিনেতা হৰেন মালাকৰক ২০২০-২১ বৰ্ষৰ অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান

0 703

প্ৰবীণ কৌতুক অভিনেতা হৰেণ মালাকৰক আজি প্ৰদান কৰা হয় মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰ স্মাৰক বঁটা। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ আজি পঞ্চম মৃত্যুবাৰ্ষিকী। ‘মঞ্চ প্ৰভাকৰ’ হিচাপে খ্যাত এইগৰাকী মহীৰূহে ভ্ৰাম্যমাণ নাট্য জগতখনলৈ আগবঢ়োৱা অৱদান অসমৰ বাবে এক অমূল্য সম্পদ। ষাঠিৰ দশকত ‘নটৰাজ চিনে থিয়েটাৰ’ৰ জন্ম দি অচ্যুত লহকৰদেৱে নাট্য জগতত সৃষ্টি কৰিছিল এক নৱজাগৰণৰ, যাৰ ঢৌ আজিও অম্লান হৈ আছে।

মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰৰ মৃত্যু তিথিত প্ৰতিবছৰেই কামৰূপ জিলাৰ অগ্ৰণী অনুষ্ঠান “মঞ্চ” ই আগবঢ়াই অহা অচ্যুত লহকৰ স্মাৰক বঁটা এইবাৰ প্ৰদান কৰা হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰবীণ কৌতুক অভিনেতা হৰেণ মালাকৰক। অভিনেতাগৰাকীৰ হাজোৰ বাসগৃহত ক’ভিড প্ৰটোক’ল মানি ‘মঞ্চ’ৰ তৰফৰ পৰা আজি প্ৰদান কৰা হয় অচ্যুত লহকৰ স্মাৰক বঁটা। এই অনুষ্ঠানত উপস্থিত থাকে এমন্ট্ৰনৰ উপ প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ, কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তাৰিণী চৰণ কলিতা, সাংস্কৃতিক কৰ্মী গিৰিন্দ্ৰ দাস, অধ্যাপক নীলোৎপল শৰ্মাৰ লগতে নাট্যকৰ্মী বলেন দাস।

Leave A Reply