Breaking

অভিনেতা ঋত্বিক ৰৌশনক আৰু অনিল কাপুৰক ওচৰৰ পৰা দেখা পাই উৎফুল্লিত তেজপুৰৰ জনতা…

0 82

মিনি বলীউডলৈ পৰিণত হৈছে অসম। বিগত দিনকেইটাত ইজনৰ পাছত সিজন বলিউডৰ অভিনেতা-অভিনেত্ৰীৰ সঘনাই আই যাহ চলিছে অসমলৈ।

‘ফাইটাৰ’ৰ বিশেষ দৃশ্যগ্ৰহণ তেজপুৰ এয়াৰপৰ্টকে ধৰি বিভিন্ন লোকেচনত চলিছে। তেজপুৰৰ শিক্ষক, শিক্ষাৰ্থীৰ কাষত বলীউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ।

দৃশ্যগ্ৰহণৰ মাজতে তেজপুৰ বায়ুসেনা ঘাটিৰ এখন বিদ্যালয়ত উপস্থিত হয় বলীউডৰ তাৰকা অভিনেতা অনিল কাপুৰ। বিদ্যালয়ৰ পুথিভঁৰালত উপস্থিত হৈ অটোগ্ৰাফ দিয়াত ব্যস্ত হৈ পৰে অভিনেতা গৰাকী।

অভিনেতা ঋত্বিক ৰৌশনক আৰু অনিল কাপুৰক ওচৰৰ পৰা দেখা পাই উৎফুল্লিত তেজপুৰৰ জনতা।

Leave A Reply