Breaking

অভিনেতা পৰেশ গোস্বামীক প্ৰদান কৰা হ’ল ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা ৷

0 161

দৰঙৰ পৰা জয়দেৱ ডেকা :  

অসমৰ মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা পৰেশ গোস্বামীক প্ৰদান কৰা হ’ল ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা ৷ বিগত বৰ্ষত ৰাজমুকুট থিয়েটাৰৰ “বীৰাংগনা ” নাটকত এটা বিশেষ চৰিত্ৰত কৰা অসাধাৰণ অভিনয়ৰ বাবে অভিনেতা গৰাকীক প্ৰদান কৰা হয় এই সন্মান ৷ দক্ষিণ ৰঙিয়া অঞ্চলৰ অগ্ৰণী সমাজ সাংস্কৃতিকমূলক অনুষ্ঠান “মঞ্চ” ৰ উদ্যোগত আজি অভিনেতা গৰাকীৰ গৃহ জিলাৰ দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ত সম্পূৰ্ণ চৰকাৰী নীতি- নিৰ্দেশনাৰে এই বঁটা প্ৰদান কৰা হয় অভিনেতা গৰাকীক ৷ পূৰ্বে অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা হৈ আহিছিল যদিও এইবাৰ লকডাউনৰ পৰিপেক্ষিতত উদ্যোক্তা সকলে পূৰ্বৰ স্থানৰ পৰিবৰ্তে দেওমৰনৈ মহাবিদ্যালয়ত এই অনুষ্ঠান ৰুপায়ন কৰা হয় ৷ বঁটা প্ৰদান অনুষ্ঠান “মঞ্চ” ৰ সভাপতি তথা নলবাৰী জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক হেমন্ত ভট্ৰাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰামানন্দ ৰাজবংশী , অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান যাদৱ শৰ্মা , অভিনেতা যোগেশ কাশ্যপ , পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাকে আদি কৰি বিভিন্ন দল সংগঠনৰ লোক উপস্থিত থাকে ৷ প্ৰয়াত অচ্যুত লহকৰৰ সহধৰ্মিনী কিৰণ লহকৰৰ পৰিবৰ্তে পৰিয়ালৰ হৈ অম্লান জ্যোতি শৰ্মা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৷ অনুষ্ঠানত মুখপত্ৰ “সপ্নদ্ৰষ্টা ” উন্মোচন কৰে অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান যাদৱ শৰ্মাই ৷  উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বৰষাৰাণী বিষয়া , অঞ্জলী চেত্ৰী আৰু প্ৰাঞ্জনা দওক প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান কৰা হয় ৷ অভিনেতা পৰেশ গোস্বামী এই বঁটা লাভ কৰি দৰং বাসীৰ বাবে শুভবাৰ্তা কঢ়িয়াই অনাৰ বাবে জিলাখনৰ দল সংগঠনে অভিনেতা গৰাকীক জনায় শুভেচ্ছা ৷

Leave A Reply