Breaking

১০ বছৰীয়া পুত্ৰৰ মৃত্যুৰ পিছত জীৱন সলনি হ’ল অভিনেতা প্ৰকাশ ৰাজৰ! বিবাহৰ ১৫ বছৰৰ পিছত পত্নীৰ সৈতে বিচ্ছেদ…

0 38

ৰাজনীতি আৰু দেশৰ সৈতে জড়িত বিষয়ত সদায় স্পষ্ট মতামত থকা আৰু প্ৰায়ে ট্ৰ’লৰ লক্ষ্য হৈ পৰা দক্ষিণ আৰু বলীউড উদ্যোগৰ সুপৰিচিত অভিনেতা প্ৰকাশ ৰাজে নিজৰ ব্যক্তিগত জীৱনক লাইমলাইটৰ পৰা আঁতৰাই ৰাখে। যদিও, তেওঁ নিজৰ ইনষ্টাগ্ৰামত পৰিয়ালৰ সৈতে ফটো শ্বেয়াৰ কৰে, অতি কম সংখ্যক লোকেহে জানে যে প্ৰকাশ ৰাজৰ প্ৰথম বিবাহ বিচ্ছেদ হোৱাৰ কাৰণ।

অভিনেতা প্ৰকাশ ৰাজৰ প্ৰথম বিবাহ ভঙাৰ কাৰণ আছিল তেওঁৰ ১০ বছৰীয়া পুত্ৰৰ মৃত্যু। প্ৰকাশ ৰাজে ১৯৯৪ চনত অভিনেত্ৰী ললিতা কুমাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ২০০৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। প্ৰকাশ ৰাজ আৰু ললিতা কুমাৰীৰ তিনিটা সন্তান, দুগৰাকী কন্যা মেঘনা আৰু পূজা আৰু পুত্ৰৰ নাম আছিল সিদ্ধু। জীৱনত সকলো ঠিকেই চলি আছিল যদিও এদিন তেওঁৰ জীৱনত এনেকুৱা এটা ট্ৰেজেডী ঘটনা ঘটিছিল, যিয়ে তেওঁৰ জীৱনটো চিৰদিনৰ বাবে সলনি কৰি পেলালে। ২০০৪ চনৰ জানুৱাৰী মাহত তেওঁৰ পুত্ৰ সিদ্ধুৰ মৃত্যু হয়।

পুত্ৰৰ মৃত্যুৰ পিছত প্ৰকাশ আৰু ললিতাৰ মাজত সমস্যাৰ সৃষ্টি হ’বলৈ ধৰিলে আৰু দুয়ো বিচ্ছেদ হয়। ২০০৯ চনত দুয়োৰে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত ২০১০ চনত প্ৰকাশে দ্বিতীয়বাৰৰ বাবে নৃত্য পৰিচালক পনি ভাৰ্মাক বিয়া কৰাইছিল আৰু এতিয়া দুয়োৰে বেদান্ত নামৰ এটি পুত্ৰ সন্তান আছে।


Leave A Reply