Breaking

‘ৰামায়ণ’ত ‘শ্ৰী ৰাম’ হোৱাৰ পূৰ্বে অনুৰাগীৰ মুখত হাঁহি বিৰিঙালে অভিনেতা ৰণবীৰ কাপুৰে…

0 22

বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ বৰ্তমান তেওঁৰ আগন্তুক প্ৰজেক্টৰ বাবে বাতৰিৰ শিৰোনামত। কিয়নো তেওঁ নীতিশ তিৱাৰীৰ ছবি ‘ৰামায়ণ’ত ভগৱান শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। এই খবৰৰ মাজতে ৰণবীৰ কাপুৰে অনুৰাগীৰ হৃদয় চুই যোৱা কাম এটা কৰিছে। শেহতীয়াকৈ ৰনবীৰ কাপুৰৰ এটা ভিডিঅ’ ওলাইছে, য’ত তেওঁক দেখা গৈছে এজন চকীদাৰৰ সৈতে। ৰণবীৰ কাপুৰৰ এই ভিডিঅ’টো ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে।

আচলতে শনিবাৰে বিয়লি মুম্বাইৰ কলিনা বিমানবন্দৰত উপস্থিত হৈছিল ৰণবীৰ কাপুৰ। য’ত পাপাৰাজীয়ে ৰণবীৰক দেখি চিঞৰিবলৈ আৰম্ভ কৰে। ৰণবীৰ কাপুৰেও ৰাস্তাত পাপাৰাজীৰ বাবে পোজ দিবলৈ আহে, হঠাতে ফ্ৰেমত এজন বৃদ্ধ চকীদাৰ আহে, য’ত পাপাৰাজীয়ে চিঞৰিবলৈ আৰম্ভ কৰে আৰু তেওঁক আঁতৰি যাবলৈ কয়। তাৰ পিছত ৰণবীৰ কাপুৰে সেই চকীদাজনক মাতি তেওঁৰ লগত পোজ দিয়ে। এই কথা দেখি বৃদ্ধ নিৰাপত্তাৰক্ষীজনৰো মুখত হাঁহি বিৰিঙি উঠে।

ৰণবীৰ কাপুৰৰ এই মৰমলগা ষ্টাইলটো দেখি অনুৰাগীসকলে তেওঁক প্ৰশংসা কৰিলে। পাপাৰাজী আৰু বৃদ্ধ নিৰাপত্তাৰক্ষীৰ বিষয়টো ৰণবীৰ কাপুৰৰ নেটিজেনসকলে ভাল পাইছে। এজন ব্যৱহাৰকাৰীয়ে ৰণবীৰৰ প্ৰশংসাত লিখিছে – নম্ৰ আৰু আটাইতকৈ ষ্টাইলিছ তাৰকা।

Leave A Reply