Breaking

চিকিৎসালয়ত ভৰ্তি অভিনেতা ছেইফ আলী খান…

0 34

বলিউদৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খানক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক। খবৰ অনুসৰি ছেইফৰ আঁঠুত আঘাত পাইছে আৰু অতি সোনকালে অস্ত্ৰোপচাৰ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে মন কৰিবলগীয়া যে ছেইফৰ ফালৰ পৰা কোনো বিবৃতি প্ৰকাশ হোৱা নাই।

বৰ্তমান অভিনেতাগৰাকী ভৰ্তি হৈ থকা চিকিৎসালয়খনত ছেইফ আলী খানৰ অভিনেত্ৰী-পত্নী কৰীনা কাপুৰ খানক স্বামীৰ কাষত থকাৰ বাতৰি পোৱা গৈছে।

Leave A Reply