মধ্যপুৰৰ বাগেশ্বৰ ধামত উপস্থিত অভিনেতা সঞ্জয় দত্ত, পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ আশীৰ্বাদ ল’লে অভিনেতাগৰাকীয়ে…

সঞ্জু বাবা নামেৰে সকলোৰে মনত এক সুকীয়া স্থান দখল কৰা চলচ্চিত্ৰ তাৰকা সঞ্জয় দত্ত এনে এজন ব্যক্তি, যাক চিনেমা চোৱা আৰু চলচ্চিত্ৰৰ জ্ঞান থকা প্ৰতিজন ব্যক্তিয়ে কম বেছি পৰিমাণে হ’লেও চিনি পায়৷ যাক মানুহে এবাৰ ওচৰৰ পৰা চাবলৈ আগ্ৰহী হৈ থাকে৷ কিন্তু শনিবাৰে মধ্যপ্ৰদেশৰ ছটৰপুৰত হঠাৎ সঞ্জয় দত্তক দেখি ৰাইজ আচৰিত হৈ পৰিল অনুৰাগী৷শনিবাৰে বলীউডৰ অভিনেতা সঞ্জয় দত্ত বাগেশ্বৰ ধামত উপস্থিত হয় বালাজী মহাৰাজৰ দৰ্শন কৰিবলৈ৷ ইয়াৰ পিচত বাগেশ্বৰ ধামৰ পীঠাধীশ্বৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে অভিনেতাজনে৷ ভগৱান বালাজী প্ৰদক্ষিণ কৰি সঞ্জয়ে ভগৱান বালাজীৰ সন্মুখত আঁঠু কাঢ়ি মূৰ দোৱাই আশীৰ্বাদ গ্ৰহণ কৰে৷


সঞ্জয় দত্তই বিমানেৰে মুম্বাইৰ পৰা খাজুৰাহো বিমানবন্দৰলৈ যাত্ৰা কৰিছিল৷ সন্ধিয়া ৬.৩০ বজাত উপস্থিত হোৱাৰ লগে লগে ধামবাসীয়ে অভিনেতাজনক আদৰণি জনায়৷ ইয়াৰ পিচতে সঞ্জয় দত্ত চাৰিচকীয়া বাহনেৰে বাগেশ্বৰ ধাম পালেগৈ৷ ইয়াৰ পিচত অভিনেতা সঞ্জয় দত্তই প্ৰথমে ভগৱান বালাজীক দেখি প্ৰদক্ষিণ কৰি মূৰ দোৱালে৷ তাৰ পাচত ধামৰ পীঠাধীশ্বৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক সাক্ষাৎ কৰি তেওঁৰ আশীৰ্বাদ লয়৷ এই সময়ছোৱাত সঞ্জয় দত্ত আৰু ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ মাজত বহু সময় ধৰি বাৰ্তালাপ চলি থাকিল৷ সঞ্জয় দত্তই বাগেশ্বৰ ধামলৈ আহি ক’লে, “এইটো দেশ আৰু বিশ্বৰ জনসাধাৰণৰ বিশ্বাসৰ এটা ডাঙৰ কেন্দ্ৰ৷” “ইয়াত ভক্তসকলৰ বিশ্বাস দেখি মই আপ্লুত হৈ পৰিছো৷ মহাৰাজ জীক লগ পাই এনে লাগিল যেন মই তেওঁক বছৰ বছৰ ধৰি চিনি পাও, তেওঁৰ লগত কটোৱা সময়খিনি মোৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ সময় আছিল আৰু বাগেশ্বৰ ধামলৈ মই বাৰে বাৰে আহিম৷ এইখন এখন অদ্ভুত ঠাই, বালাজী সৰকাৰৰ অদ্ভুত কৃপা এই স্থানত বিৰাজমান হৈ আছে৷”

Related Articles