Breaking

অভিনেতা চুনু ছুদৰ হোৱাটছএপ একাউণ্ট ব্লক! ৩৬ ঘণ্টাৰো অধিক সময় হোৱাটছএপ বন্ধ হৈ থকাত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতাগৰাকীৰ…

0 30

বলীউডৰ অভিনেতা সোনু ছুদ তেওঁৰ অভিনয় আৰু মানুহক সহায় কৰাৰ বাবে প্ৰায়ে শিৰোনামত থাকে। কিন্তু এইবাৰ অভিনেতাগৰাকী নতুন ছবি বা মানুহক সহায় কৰাৰ বাবে নহয় হোৱাটছএপৰ বাবেই লাইমলাইটৰ অংশ হৈ পৰিছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত সোণু ছুদে এটা পোষ্ট কৰিছে, য’ত অভিনেতাজনে কয় যে তেওঁৰ হোৱাটছএপ একাউণ্ট ব্লক কৰা হৈছে। ৩৬ ঘণ্টাৰো অধিক সময় হোৱাটছএপ বন্ধ হৈ থকাত হতাশা প্ৰকাশ কৰি ৰাইজে তেওঁৰ ওচৰলৈ হোৱাটছএপৰ জৰিয়তে সহায়ৰ বাবে হাত বিচাৰে বুলি কয়।


তেওঁৰ হোৱাটছএপ একাউণ্ট ব্লকৰ বিষয়ে তথ্য দিবলৈ টুইট কৰিছে সোনু ছুদে। ২০২০ বৰ্ষৰ ক’ৰ’না কালৰ পৰাই চুনু ছুদ সদায় মানুহক সহায় কৰি আহিছে। সোণু ছুদৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অভিনেতাগৰাকীৰ পৰৱৰ্তী ছবি হ’ল ফাতেহ। এই ছবিখনত ছ’নু ছুদৰ সৈতে থাকিব জেকলিন ফাৰ্নাণ্ডেছ। ফতেহ ছবিখন পৰিচালনা কৰিব চুনু ছুদে। ফতেহৰ সৈতে পৰিচালক হিচাপে অভিষেক ঘটাব ছনু ছুদে।

Leave A Reply