Breaking

Cannes Film Festivalত অভিনেত্ৰী আইমী বৰুৱা…

0 38

তৃতীয় বাৰৰ বাবে Cannes Film Festivalৰ ৰেড কাৰ্পেটত খোজ দি অভিনেত্ৰী আইমী বৰুৱাই ক’লে-

তৃতীয় বাৰৰ বাবে Cannes Film Festivalৰ ৰেড কাৰ্পেটত খোজ দিওঁতে এইবেলিও নিজৰ পৰিচয়-স্বাভিমান লৈ সগৌৰৱেৰে এগৰাকী অসমীয়া হিচাপে খোজ দিলোঁ। দুশ বছৰীয়া পুৰনি আৰ্হিৰ ফুল বছা মুগাৰ সাঁজ, হাতত গামখাৰু,অসমীয়া গামোছা, ৰিহাৰেআৰু খোপাত কপৌফুলেৰে Cannes Film Festivalৰ ঐতিহ্যৰে ভৰা ৰেম্পত আমাৰ ঐতিহ্য-গৌৰৱক সাবটি, অসমবাসীৰ আশিস শিৰত লৈ খোজ থৈ নথৈ আপ্লুত হ’লোঁ। এইদৰে সামাজিক মাধ্যমত মনৰ অনুভৱ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।

আনহাতে দ্বিতীয় দিনাও অভিনেত্ৰীগৰাকীক দেখিবলৈ পোৱা গ’ল অতি সুন্দৰ ৰূপত-

ফটো সমূহ শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিলে- Cannes Film Festivalত আদিত্যমে ডিজাইন কৰা শাৰী।

তৃতীয়ল দিনাও অতি সুন্দৰ সাজসজ্জাত দেখাবলৈ পোৱা গ’ল অভিনেত্ৰীগৰাকীক।

Leave A Reply