Breaking

কন্যা দেৱীৰ সৈতে নৃত্য়ত মতলীয়া অভিনেত্ৰী বিপাশা বসু…

0 111

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত অতি সক্ৰিয় বিপাশা বসু। বলীউডৰ এইগৰাকী সুন্দৰী মাতৃ হোৱাৰ পৰাই তেওঁৰ কন্যা দেৱীয়ে যেন মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। শেহতীয়াকৈ বিপাশা আৰু দেৱীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। বিপাশা বসুৱে বৰ্তমান প্ৰায়ে অনুৰাগীৰ সৈতে নিজৰ মাতৃত্বৰ আভাস শ্বেয়াৰ কৰে। যদিও বিপাশা বসু আৰু তেওঁৰ স্বামী কৰণ সিং গ্ৰ’ভাৰে এতিয়াও কন্যাৰ মুখখন ৰাজহুৱা কৰা নাই।

মাতৃ কন্যাৰ এই মৰমলগা ভিডিঅ’টো চাওক। বিপাশা বসুৱে এই ভিডিঅ’টোৰ সৈতে কেপচনত লিখিছে যে দেৱীৰ সৈতে নৃত্য কৰা এতিয়া মোৰ প্ৰিয় কাম। বিপাশা বসুক যেতিয়াই কন্যা দেৱীৰ সৈতে দেখা যায়, তেতিয়াই তেওঁৰ মুখত এটা বেলেগ পোহৰ দেখা দিয়ে। ইয়াৰ পূৰ্বেও এইগৰাকী বলীউডৰ অভিনেত্ৰীয়ে দেৱীৰ কিছু ভিডিঅ’ শ্বেয়াৰ কৰিছে। অৱশ্যে কোনো ভিডিঅ’তে দেৱীৰ মুখ দেখা পোৱা নাযায়।

বিপাশা বসু আৰু দেৱী বসু সিং গ্ৰ’ভাৰৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। কমেণ্ট ছেকচনত অভিনেত্ৰীগৰাকীৰ কন্যাৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছে। একাংশই দেৱীলৈ হাৰ্ট ইমোজি পোষ্ট কৰা দেখা গৈছিল আৰু একাংশই বিপাশা আৰু কন্যাৰ সম্পৰ্ক লৈ মন্তব্য কৰা দেখা গৈছিল।

Leave A Reply